তিনিচুকীয়া, 12 ফেব্ৰুৱাৰীঃ বুধবাৰে তিনিচুকীয়া জিলাৰ খাটাংপানী চাহ বাগিচাত কৰ্মৰত উপ-কৰ্মচাৰী সকলৰ দৰমহা বৃদ্ধিৰ দাবীত সাব্যস্ত কৰা হয় প্ৰতিবাদ ৷ চাহ মজদুৰ সংঘ খাটাংপানী বাগিচা গোটৰ উদ্যোগত বাগিচাখনত কৰ্মৰত উপ-কৰ্মচাৰী সকলৰ ধৰ্মঘটে বুধবাৰে তিনি দিনত ভৰি দিয়ে যদিও উপ-কৰ্মচাৰীসকলৰ ন্যায্য দাবীৰ প্ৰতি কোনো গুৰুত্ব নাই বাগিচা কৰ্তপক্ষৰ |
খাটাংপানী চাহ বাগিচা উপ-কৰ্মচাৰীৰ প্ৰতিবাদ - Tinsukia khatangpani tea garden
চাহ মজদুৰ সংঘ খাটাংপানী বাগিচা গোটৰ উদ্যোগত বাগিচাখনত কৰ্মৰত উপ-কৰ্মচাৰী সকলৰ ধৰ্মঘটে বুধবাৰে তিনি দিনত ভৰি দিয়ে যদিও উপ-কৰ্মচাৰীসকলৰ ন্যায্য দাবীৰ প্ৰতি কোনো গুৰুত্ব নাই বাগিচা কৰ্তপক্ষৰ |
খাটাংপানী চাহ বাগিচাৰ উপ কৰ্মচাৰীৰ প্ৰতিবাদ
প্ৰতিবাদকাৰী অভিযোগ যে বিজেপিৰ নেতৃত্বাধীন অসম চৰকাৰে বাৰাম্বাৰ চাহ শ্ৰমিক সকলক প্ৰতাৰণা কৰি আহিছে ৷ অসম চাহ মজদুৰ সংঘই চৰকাৰৰ ওচৰত শ্ৰমিকৰ সমস্যা সমাধানৰ দাবী জনোৱাৰ পিছতো অসম চৰকাৰে এই ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা নাই ৷ বুধবাৰে প্ৰতিবাদকাৰীসকলে চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে ৷
লগতে পঢ়ক-বিজেপিয়ে বিভাজনৰ ৰাজনীতি কৰি ২০২১ত চৰকাৰ গঠন কৰিব নোৱাৰেঃআমিনুল ইছলাম