তিনিচুকীয়া, 7 নৱেম্বৰ :তিনিচুকীয়া জিলাৰ কাকপথাৰ প্ৰেছ ক্লাৱৰ সম্পাদক তথা ৰাজ্যৰ এটা ছেটেলাইট চেনেলৰ লগতে এখন অসমীয়া কাকতৰ কাকপথাৰ সংবাদদাতা মিন্টু তালুকদাৰক কাকপথাৰ আৰক্ষী থানাত বহাই মানসিক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ এই অভিযোগ তুলিছে মিন্টু তালুকদাৰ আৰু তেওঁৰ সতীৰ্থই ৷ যাৰ ফলস্বৰূপে সোমবাৰে বিয়লি কাকপথাৰ আৰক্ষী থানাৰ সন্মুখত সাংবাদিকসকলে ক’লা বেজ পৰিধান কৰি সাব্যস্ত কৰে প্ৰতিবাদ ৷
মিণ্টু তালুকদাৰে জানিব দিয়া অনুসৰি, তেওঁ কাকপথাৰৰ হিন্দী বিদ্যালয়ত সংঘটিত এটা দুৰ্নীতিৰ সন্দৰ্ভত এগৰাকী অভিভাৱকে দিলীপ সিং নামৰ শিক্ষকগৰাকীৰ ওপৰত কৰা অভিযোগৰ ভিত্তিত এটা বাতৰি কৰিছিল ৷ এই বাতৰিৰ জৰিয়তে ভুৱা প্ৰচাৰ কৰা বুলি অভিযোগকাৰীয়ে লিখিতভাৱে কাকপথাৰ আৰক্ষী থানাত অভিযোগ দাখিল কৰে ৷
ইয়াৰ পাচতে কাকপথাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বকুল ইংতিয়ে সাংবাদিকগৰাকীক থানালৈ মাতি প্ৰায় দুঘন্টা সময় বহাই ৰাখি মানসিকভাৱে হাৰাশাস্তি কৰে বুলি তেওঁ মন্তব্য কৰে ৷ এই ঘটনাৰ পাচতে কাকপথাৰ প্ৰেছ ক্লাৱৰ লগতে তিনিচুকীয়া জিলা সাংবাদিক সন্থা, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, আছু, আটাছু, কলিতা জনগোষ্ঠী যু্ৱ ছাত্ৰ পৰিষদ, কাকপথাৰ হিন্দুস্তানি দুৰ্গা পূজা সমিতিৰ লগতে বিভিন্ন দল সংগঠন গৰজি উঠে ৷