তিনিচুকীয়া, 10 আগষ্টঃ এটা ৰহস্যজনক হত্যা কাণ্ডৰ আঁত বিচাৰি ইটিভি ভাৰতৰ এই প্ৰতিবেদন ৷ ঘটনাৰ স্থান তিনিচুকীয়াৰ ন-পুখুৰী অঞ্চল ৷ 8 আগষ্টৰ পুৱা উদ্ধাৰ হৈছিল এজন সাংবাদিকৰ মৃতদেহ ৷ তিনিচুকীয়াৰ সাংবাদিকজনক নিজ কাৰ্যালয়তে হত্যা কৰি পেলাই থৈ গৈছিল মৃতদেহ ৷ তেজেৰে লুটুৰি পুটুৰি অৱস্থাত উদ্ধাৰ হৈছিল তিনিচুকীয়াৰ দিন প্ৰতিদিন নামৰ এটা ব্যক্তিগত নিউজ পৰ্টেলৰ স্বত্বাধিকাৰী তথা সাংবাদিক বিজন দ্বীপ তাঁতিৰ মৃতদেহ৷
কি হৈছিল 8 আগষ্টৰ পুৱা ?
ঘটনা সম্পৰ্কত ঘৰৰ মালিক কুকিল কোঁৱৰে প্ৰথমে ফোন কৰি জনাইছিল ফিল'বাৰী আৰক্ষীক ৷ তাৰ পিচতে আৰক্ষী গৈ উপস্থিত হৈছিল কুকিল কোঁৱৰে বিজন দ্বীপ তাঁতিক ভাৰালৈ দিয়া দ্বিতীয় মহলাত ৷ভাৰাঘৰৰ দ্বিতীয় মহলাৰ দৰ্জা খুলি তাৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছিল সাংবাদিক জনৰ ক্ষত-বিক্ষত মৃতদেহ ৷আৰক্ষীৰ তাৎক্ষণিক অনুসন্ধানত পোহৰলৈ আহে হত্যাকাণ্ডৰে জড়িত অভিযুক্তৰ তথ্য ৷ 7 আগষ্টৰ পুৱা সাংবাদিক বিজন দ্বীপ তাঁতিৰ কাৰ্যালয়ৰ পৰা উলাই গৈছিল এগৰাকী যুৱতী ৷ প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়াৰ অন্তত তিনিচুকীয়াৰ ফিল’বাৰীৰৰ পৰা আটক কৰে হত্যাকাৰী আছলতি বাগনামৰ যুৱতীগৰাকীক ৷