অসম

assam

ETV Bharat / state

বৰডুমচাৰ মহঙত চোৰাং কাঠসহ জব্দ ট্ৰাক - বৰডুমচা আৰক্ষী

বুধবাৰে নিশা ডুমডুমা বন সংমণ্ডলৰ অধীনৰ তৰাণী বনাঞ্চলৰ পৰা চোৰাং ব্যৱসায়ীয়ে মূল্যৱান গছৰ কুণ্ডা কঢ়িয়াই লৈ গৈ থকা অৱস্থাত বৰডুমচা আৰক্ষীৰ অভিযানত জব্দ হয় এখন চোৰাং কাঠ ভৰ্তি ট্ৰাক ৷

বৰডুমচা আৰক্ষীৰ অভিযানত জব্দ হয় এখন চোৰাং কাঠ ভৰ্তি ট্ৰাক

By

Published : Nov 7, 2019, 10:25 AM IST

তিনিচুকীয়া, 7 নৱেম্বৰঃ তিনিচুকীয়া জিলাত থকা একাংশ সংৰক্ষিত বনাঞ্চলত এতিয়া চোৰাং ব্যৱসায়ীৰ হাতুৰা । চোৰাং ব্যৱসায়ীয়ে এফালৰ পৰা নিৰ্বিঘ্নে নিঃশেষ কৰি গৈছে বনাঞ্চলসমূহ । বনাঞ্চলসমূহত থকা মূল্যৱান গছ-গছনি কাটি চলাই গৈছে ৰমৰমীয়া ব্যৱসায়ী । বুধবাৰে নিশা ডুমডুমা বন সংমণ্ডলৰ অধীনৰ তৰাণী বনাঞ্চলৰ পৰা চোৰাং ব্যৱসায়ীয়ে মূল্যৱান গছৰ কুণ্ডা কঢ়িয়াই লৈ গৈ থকা অৱস্থাতবৰডুমচা আৰক্ষীৰ অভিযানত জব্দ হয় এখন চোৰাং কাঠ ভৰ্তি ট্ৰাক

লক্ষাধিক টকা মূল্যৰ জব্দকৃত কাঠসহ AS-23C-6285 নম্বৰৰ বাহনখন

উল্লেখ্য যে, চোৰাং কাঠ কঢ়িয়াই লৈ গৈ থকা বাহনখন বৰডুমচা আৰক্ষীয়ে খেদি খেদি জব্দ কৰে যদিও চালকজন পলাই যাবলৈ সক্ষম হয়। বহু লক্ষাধিক টকা মূল্যৰ জব্দকৃত কাঠসহ AS-23C-6285 নম্বৰৰ বাহনখন বৰ্তমান বৰডুমচাৰ আৰক্ষী থানাত ৰখা হৈছে ।

বৰডুমচাৰ মহঙত চোৰাং কাঠসহ জব্দ ট্ৰাক

লগতে চাওকঃ ৰাসোৎসৱৰ ব্যাপক আয়োজন মাজুলী উত্তৰ কমলাবাৰীত

ABOUT THE AUTHOR

...view details