তিনিচুকীয়া,21আগষ্টঃ বুধবাৰে তিনিচুকীয়াত পুনৰ জব্দ হ'ল এখন চোৰাং কাঠভৰ্তি ট্ৰাক । ইখনৰ পিছত সিখন চোৰাং কাঠ ভৰ্তি ট্ৰাক জব্দ হোৱা ঘটনাই প্ৰমাণ কৰিছে জিলাখনত অবৈধ চোৰাং ব্যৱসায়সমূহ ব্যাপক হাৰত বৃদ্ধি পাইছে ৷ দীৰ্ঘদিন ধৰি অৰুণাচলৰ অবৈধ চোৰাং কাঠসমূহ তিনিচুকীয়া চহৰৰ মাজেৰে ৰাজ্যখনৰ বিভিন্ন স্থানলৈ সৰবৰাহ হৈ থকাৰ অভিযোগ উঠিছে ৷ আনহাতে মঙলবাৰে ট্ৰাক ষ্টেণ্ডৰ এখন ট্ৰাক জব্দ কৰাৰ পিছতে বুধবাৰে পুনৰ আন এখন চোৰাং কাঠভৰ্তি ট্ৰাক মাকুমত বিজেপি যুৱ মৰ্ছাই জব্দ কৰে ৷ পাচত মাকুম আৰক্ষীক গতাই দিয়াৰ লগতে তদন্তৰ বাবে এখন এজাহাৰ দাখিল কৰে ৷
তিনিচুকীয়াত পুনৰ চোৰাং কাঠভৰ্তি ট্ৰাক জব্দ
তিনিচুকীয়াত পুনৰ জব্দ হ'ল এখন চোৰাং কাঠভৰ্তি ট্ৰাক ৷ মঙলবাৰে ট্ৰাক ষ্টেণ্ডৰ এখন ট্ৰাক জব্দ কৰাৰ পিছতে বুধবাৰে পুনৰ আন এখন চোৰাং কাঠভৰ্তি ট্ৰাক মাকুমত বিজেপি যুৱ মৰ্ছাই জব্দ কৰে ৷
তিনিচুকীয়াত পুনৰ চোৰাং কাঠভৰ্তি ট্ৰাক জব্দ
জানিব পৰা মতে ১০ জুলাইত পানীতোলাত জব্দ কৰা মৌচম শইকীয়াৰ চোৰাং কাঠভৰ্তি ট্ৰাকখন বন বিভাগৰক মেনেজ কৰি কৌশলৰে মোকোলাই নিছিল ।