তিনিচুকীয়া,24 জুনঃমঙলবাৰে নিশাৰ পৰা হৈ থকা মূষলধাৰ বৰষুণৰ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে তিনিচুকীয়া জিলাত বানে লৈছে সংহাৰী ৰূপ । তিনিচুকীয়া জিলাৰ লোহিত নদী, ডিব্ৰু নৈ, ন-দিহিং আৰু বুঢ়ীদিহিং নদীৰ পানীয়ে এতিয়া বিপদ সীমা অতিক্ৰম কৰি বৈ অহাৰ ফলত নদীকেইখনৰ বাঢ়নী পানীয়ে বিভিন্ন অঞ্চল প্লাৱিত কৰাৰ ফলত শংকিত হৈ পৰিছে নৈ পৰীয়া লোকসকল ।
বাঢ়নী পানীয়ে তিনিচুকীয়া জিলাৰ বিভিন্ন অঞ্চলৰ বাট-পথ বুৰাই পেলোৱাৰ লগতে দলং উটোৱাই নিয়াৰ ফলত স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হৈ পৰিছে ৷ সমান্তৰাল কৈ বানৰ কৱলত পৰি বহু গাঁও জলমগ্ন হৈ পৰিছে ৷ বাঢ়নী পানীয়ে ডুমডুমা-বাঘজান সংযোগী পথৰ ৰূপাই চাহ বাগিচাৰ সমীপৰ দলংখন খহাই পেলোৱাৰ ফলত কথমপিহে প্ৰাণ ৰক্ষা পৰিল তিনিচুকীয়াৰ উপ আৰক্ষী অধীক্ষক বিতুল চেতিয়াৰ ।