অসম

assam

By

Published : Aug 4, 2020, 4:55 PM IST

ETV Bharat / state

ফিল'বাৰীত দুখনকৈ অবৈধ কুণ্ডাভৰ্তি বাহন জব্দ

মঙলবাৰে তিনিচুকীয়া জিলাৰ ফিল'বাৰী আৰক্ষীয়ে দুখনকৈ কুণ্ডাভৰ্তি বাহন জব্দ কৰি ডুমডুমা বন বিভাগক চমজাই দিয়ে ৷ অঞ্চলটোত দীৰ্ঘ দিনৰ পৰা অবৈধ কাঠ আৰু কুণ্ডা সৰবৰাহ কৰি অহাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷

tinsukia-felobari-illegal-timber-rescue-by-police
ফিল'বাৰীত দুখনকৈ অবৈধ কুণ্ডাভৰ্তি বাহন জব্দ

ডুমডুমা,4 আগষ্টঃ ৰাজ্যত কৰ'ণা ভাইৰাছৰ সংক্ৰমণে ভয়াবহ ৰূপ ধাৰণ কৰাৰ সময়তেই একাংশ বন মাফিয়াই চলাই গৈছে চোৰাং কাঠ-কুণ্ডাৰ অবৈধ ব্যৱসায় । তাৰমাজতে মঙলবাৰে তিনিচুকীয়া জিলাৰ ফিল'বাৰী আৰক্ষীয়ে দুখনকৈ কুণ্ডাভৰ্তি বাহন জব্দ কৰি ডুমডুমা বন বিভাগত চমজায় দিয়ে । AS-23-AC-4802 নম্বৰৰ এখন আৰু নম্বৰ প্লেট বিহীন অন্য এখন বাহন ইতিমধ্যে ডুমডুমা বন বিভাগে নিজৰ জিম্মাত লৈ তদন্ত চলাই আছে যদিও বৰ্তমানলৈকে এই কুণ্ডা সমূহ কোনে সৰবৰাহ কৰিছিল জানিব পৰা হোৱা নাই ।

ফিল'বাৰীত দুখনকৈ অবৈধ কুণ্ডাভৰ্তি বাহন জব্দ

উল্লেখযোগ্য যে, একাংশ বন মাফিয়াই কিছুদিনৰ পৰা অৰুণাচলৰ পৰা অসমলৈ সীমান্তৱৰ্তী অঞ্চলৰ ভিতৰুৱা পথেৰে বনজ সম্পদৰ চোৰাং বেহা অব্যাহত ৰখাৰ অভিযোগ উত্থাপিত হৈ আহিছে ।

লগতে পঢ়কঃ বন বিভাগৰ অভিযানত জব্দ লক্ষাধিক মূল্যৰ চেগুণ কাঠ

ABOUT THE AUTHOR

...view details