অসম

assam

ETV Bharat / state

ডুমডুমাত নাহৰফুটুকী পিঞ্জৰাবদ্ধ - ডুমডুমাৰ ৰাইডাং চাহ বাগিচা

ৰাইডাং চাহ বাগিচাত মঙলবাৰে নিশা এটা নাহৰফুটুকী পিঞ্জৰাবদ্ধ হ'য়। বন বিভাগে স্থাপন কৰা পিঞ্জৰাত নিশা নাহৰফুটুকীটো পিঞ্জৰাবদ্ধ হয় ৷

ডুমডুমাত নাহৰফুটুকী পিঞ্জৰাবদ্ধ
ডুমডুমাত নাহৰফুটুকী পিঞ্জৰাবদ্ধ

By

Published : Feb 19, 2020, 11:32 AM IST

ডুমডুমা,19 ফেব্ৰুৱাৰীঃতিনিচুকীয়াৰডুমডুমাৰ ৰাইডাং চাহ বাগিচাত মঙলবাৰে নিশা এটা নাহৰফুটুকী পিঞ্জৰাবদ্ধ হ'য়। বাগিচাখনৰ ২২ নম্বৰ চেকশ্যনত বন বিভাগে স্থাপন কৰা পিঞ্জৰাত নাহৰফুটুকীটো পিঞ্জৰাবদ্ধ হ'য় । বহুদিনৰ পৰা বাগিচাখনত বিচৰণ কৰি থকা বাঘটোৱে বহুলোকৰ পোহনীয়া জন্তু ভক্ষণ কৰি সন্ত্ৰাসৰ সৃষ্টি কৰাত স্থানীয় ৰাইজৰ দাবীত বন বিভাগে এটা পিঞ্জৰা স্থাপন কৰিছিল । বন বিভাগে স্থাপন কৰা পিঞ্জৰাত নিশা বাঘটো পিঞ্জৰাবদ্ধ হ'য় ।

ডুমডুমাৰ ৰাইডাং চাহ বাগিচাত পিঞ্জৰাবদ্ধ নাহৰফুটুকীটো চাবলৈ ৰাইজৰ ভিৰ

জানিব পৰা মতে পিঞ্জৰাবদ্ধ নাহৰফুটুকীটোক বন বিভাগে পেঙেৰী বনাঞ্চলত মুকলি কৰি দিব। আনহাতে স্থানীয় লোকে প্ৰকাশ কৰা মতে বাগিচাখনত কেইবাটাও নাহৰফুটুকীয়ে বৰ্তমানো বিচৰণ কৰি আছে ।

ডুমডুমাত নাহৰফুটুকী পিঞ্জৰাবদ্ধ

লগতে চাওকঃগোলাঘাটত গ্ৰেপ্তাৰ ধন আত্মসাতকাৰী ধৃত প্ৰৱন্ধক অভিজিৎ বৰা

ABOUT THE AUTHOR

...view details