অসম

assam

ETV Bharat / state

সদৌ অসম আহোম সভাৰ ত্রিবার্ষিক পূর্ণাংগ অধিৱেশনত বিসংগতি - Tinsukia Committee

All Assam Ahom Sabha : সদৌ অসম আহোম সভাৰ তিনিচুকীয়া জিলা সমিতিৰ ক্ষোভ ৷ সদৌ অসম আহোম সভাৰ কেন্দ্ৰীয় ত্রিবার্ষিক পূর্ণাংগ অধিৱেশন নতুন কমিটিৰ কাম-কাজৰ উপৰত অসন্তুষ্টি প্ৰকাশ কৰিছে তিনিচুকীয়া জিলা সমিতিয়ে ৷

All Assam Ahom Sabha
সদৌ অসম আহোম সভাৰ ত্রিবার্ষিক পূর্ণাংগ অধিৱেশনত বিসংগতি

By ETV Bharat Assamese Team

Published : Jan 12, 2024, 11:46 AM IST

সদৌ অসম আহোম সভাৰ ত্রিবার্ষিক পূর্ণাংগ অধিৱেশনত বিসংগতি

তিনিচুকীয়া, ১২ জানুৱাৰী:শুকুৰবাৰেতিনিচুকীয়া প্ৰেছ ক্লাৱৰ সভাগৃহত সদৌ অসম আহোম সভাৰ তিনিচুকীয়া জিলা সমিতিয়ে এখন সংবাদমেল সম্বোধন কৰে ৷ যোৱা ৫,৬,৭ জানুৱাৰীত তিনিচুকীয়া জিলা সমিতিয়ে যোৰহাট জিলা ক্রীড়া সন্থাৰ খেলপথাৰত তিনিদিনীয়া কাৰ্যসূচীৰে সদৌ অসম আহোম সভাৰ কেন্দ্ৰীয় ত্রিবার্ষিক পূর্ণাংগ অধিৱেশন অনুষ্ঠিত হৈ যায় যদিও অধিৱেশনৰ কাম-কাজৰ সন্দৰ্ভত অসন্তুষ্টি প্ৰকাশ কৰিছে সদৌ অসম আহোম সভাৰ তিনিচুকীয়া জিলা সমিতিয়ে ৷

লগতে কয় যে, সাংগঠনিক ক্ষেত্ৰখনৰ গোপনীয়তা ভংগ কৰাৰ মানসিকতা নাছিল, কিন্তু বিশেষ ক্ষেত্ৰত আমি প্ৰেৰণ কৰা পত্ৰৰ সু-মীমাংসা প্রায় 72 ঘন্টা পাৰ হৈ যোৱাৰ পিচতো পোৱা নহ'ল ।

"গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰূপে আপোনালোকৰ সন্মুখত এই অধিৱেশনত হৈ যোৱা বহুবোৰ বিসংগতিৰ পৰিপ্ৰেক্ষিতত আপোনালোকক সম্বোধন কৰিব লগা হৈছে । যোৱা কেন্দ্রীয় অধিৱেশনৰ শেষৰখন কার্যনির্বাহক সভাত যিবোৰ প্রস্তাৱ মর্মে সিদ্ধান্ত গ্রহণ কৰা হৈছিল ৷ উক্ত সিদ্ধান্তসমূহ পৰৱৰ্তী প্রতিনিধি সভাত অ-সাংবিধানিকভাৱে তথা বলপূর্বকভাৱে সেই সকলোবোৰ নস্যাৎ কৰি কেতবোৰ বিসংগতিৰ মাজেৰে প্ৰতিনিধি সভাখন সমাপ্ত কৰি পুৰণা সমিতিখন ভংগ কৰা হয় আৰু বিষয় বাছনি সভাখনৰ নির্বাচনী প্রক্রিয়ালৈ গৈ নির্বাচন অনুষ্ঠিত কৰা হয় । কিন্তু উক্ত নির্বাচনী প্রক্ৰিয়াৰ প্ৰতি বহু ক্ষেত্ৰত আমাৰ সন্দেহ হৈছে । যিহেতু নির্বাচনী বিষয়াসকলে নির্বাচনৰ যাৱতীয় পত্র সমূহ (বেলট পেপাৰ) নিজস্বভাৱে বিষয় বাছনি কৰি মাত্র ঘোষণাহে কৰে।"

উল্লেখ্য যে, অধিৱেশনৰ তাৰিখ ঘোষণাৰ পিচত কোনো নতুন জিলা সমিতি গঠন নিয়ম বর্হিভূত ৷ কিন্তু এই নিয়ম উলংঘা কৰি তিনিখন জিলা সমিতি গঠন কৰে । এই সভাৰ শেষৰখন কার্যনির্বাহক সভাত প্রস্তাৱ ও সিদ্ধান্ত মর্মে উক্ত সমিতিকেইখনক অবৈধ বুলি গণ্য কৰি ন্যায্যতা প্রদান কৰা হোৱা নাছিল ৷ যদিও প্রতিনিধি সভাত উদযাপন সমিতিৰ কৰ্মকর্তাৰ সহযোগত বলপূর্বকভাৱে কার্যনির্বাহকৰ সিদ্ধান্ত মষিমূৰ কৰি নিৰ্বাচনী সভাত যোগদানৰ সুবিধা কৰি লৈছিল ।

"গতিকে এনেবোৰ বিসংগতিৰ ফলশ্রুতিৰে সমাপন হোৱা বিষয় বাছনি সভাখনৰ প্ৰতি আমাৰ সন্দেহ আছে। সেয়েহে উক্ত বিষয় বাছনি সভাখন পুনৰ নিৰপেক্ষ স্থানত অনুষ্ঠিত কৰিবৰ বাবে আমি আপোনালোকৰ যোগেৰে দাবী জনালো ।"

লগতে পঢ়ক:উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ ১২ সমষ্টিত তৃণমূলৰ প্ৰাৰ্থী

ABOUT THE AUTHOR

...view details