অসম

assam

ETV Bharat / state

মাগুৰি-মতাপুং বিলত অসাধু মাছমৰীয়াৰ বিৰুদ্ধে প্ৰশাসনৰ অভিযান - তিনিচুকীয়াৰ মাগুৰি-মতাপুং বিল

উল্লেখ্য যে এজন মাছমৰীয়াই অভিযানকাৰী দলটোৰ ভিডিঅ' ছ'চিয়েল মিডিয়াত প্ৰকাশ কৰাৰ ভাবুকি দিয়াৰ উপৰিও কাৰ অনুমতি লৈ বিললৈ আহিছে বুলিও প্ৰশ্ন উত্থাপন কৰে দলটোক ৷

তিনিচুকীয়াৰ মাগুৰি-মতাপুং বিলত অসাধু মাছমৰীয়াৰ বিৰুদ্ধে প্ৰশাসনৰ অভিযান
তিনিচুকীয়াৰ মাগুৰি-মতাপুং বিলত অসাধু মাছমৰীয়াৰ বিৰুদ্ধে প্ৰশাসনৰ অভিযান

By

Published : May 1, 2020, 6:50 PM IST

তিনিচুকীয়া,1মে’:শুকুৰবাৰে পুৱাই তিনিচুকীয়াৰ মাগুৰি মটাপু‌ং বিলত অসাধু মাছমৰীয়াৰ বিৰুদ্ধে জিলা প্ৰশাসনে অভিযান চলাই । তিনিচুকীয়াৰ অতিৰিক্ত উপায়ুক্ত ভাস্কৰ বৰা আৰু প্ৰবিত্ৰ কুমাৰ দাসৰ নেতৃত্বত এটা দলে মীন বিভাগ আৰু আৰক্ষীৰ সহায়ত কেইজনমান অবৈধ মাছমৰীয়া আটক কৰাৰ লগতে কিছু মাছ আৰু মাছমৰা সঁজুলিয়ো জব্দ কৰে ৷ আনহাতে অভিযানৰ সময়তে মাছমীয়াইয়ো ওভতি ধৰে জিলা প্ৰশাসনৰ লগত যোৱা অভিযানকাৰী দলটোক ৷

তিনিচুকীয়াৰ মাগুৰি-মতাপুং বিলত অসাধু মাছমৰীয়াৰ বিৰুদ্ধে প্ৰশাসনৰ অভিযান

উল্লেখ্য যে, এজন মাছমৰীয়াই অভিযানকাৰী দলটোৰ ভিডিঅ' ছ'চিয়েল মিডিয়াত প্ৰকাশ কৰাৰ ভাবুকি দিয়াৰ উপৰিও কাৰ অনুমতি লৈ বিললৈ আহিছে বুলিও প্ৰশ্ন উত্থাপন কৰে দলটোক ৷ যিসময়ত ৰাজ্য প্ৰশাসনে মাছ মৰা সম্পূৰ্ণ নিষিদ্ধ কৰিছে সেই সময়তে তিনিচুকীয়াৰ একাংশ অসাধু মাছমৰীয়াই অবৈধভাৱে বিলত মাছ মৰাৰ কথা পোহৰলৈ অহাত এতিয়া তৎপৰ হৈছে জিলা প্ৰশাসন লগতে মীন বিভাগ ৷

তিনিচুকীয়াৰ মাগুৰি-মতাপুং বিলত অসাধু মাছমৰীয়াৰ বিৰুদ্ধে প্ৰশাসনৰ অভিযান

ABOUT THE AUTHOR

...view details