তিনিচুকীয়া ,27 জুন : নগাঁৱৰ সাংসদ প্ৰদ্যুত বৰদলৈয়ে মাৰ্ঘেৰিটাৰ কয়লা ছিণ্ডিকেটকলৈ কৰা মন্তব্যক লৈ সৃষ্টি হৈছে ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ । সাংসদ গৰাকীয়ে সংবাদ মাধ্যমত তিনিচুকীয়া জিলাখনৰ আৰক্ষী অধীক্ষক আৰু উপায়ুক্ত সহ বন বিষয়া সকল কয়লা ছিণ্ডিকেটত প্ৰত্যক্ষ ভাৱে জড়িত আছে বুলি মন্তব্য কৰাৰ পাচতে বুধবাৰে তিনিচুকীয়াৰ জিলা প্ৰশাসনে সংবাদমেল আয়োজন কৰি উক্ত মন্তব্যক পোনে পোনে নস্যাৎ কৰে ।
সাংসদ প্ৰদ্যুত বৰদলৈৰ মন্তব্যত প্ৰতিক্ৰিয়া তিনিচুকীয়া জিলা প্ৰশাসনৰ - Pradyut Bordoloi
কয়লাৰ অবৈধ ব্যৱসায় ৰোধৰ বাবে জিলা প্ৰশাসনে ইতিমধ্যে স্পেচিয়েল ফৰ্চ গঠন কৰিবলৈ যো-জা চলোৱাৰ কথা সাংবাদিকৰ আগত ব্যক্ত কৰে উপায়ুক্ত গৰাকীয়ে । লগতে বনাঞ্চল ধ্বংসৰ সম্পৰ্কত ইতিমধ্যে ডিগবৈৰ বন সংমণ্ডলৰ অধীনত থকা বনাঞ্চলৰ বেদখল 15 বাৰ কৈ জিলা প্ৰশাসনে বেদখল মুক্ত কৰাৰ কথাও সংবাদ মাধ্যমত প্ৰকাশ কৰে ।
![সাংসদ প্ৰদ্যুত বৰদলৈৰ মন্তব্যত প্ৰতিক্ৰিয়া তিনিচুকীয়া জিলা প্ৰশাসনৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3676244-thumbnail-3x2-pic.jpg)
সাংসদগৰাকীৰ মন্তব্যক নস্যাৎ কৰি জিলা উপায়ুক্ত গৰাকীয়ে উক্ত ছিণ্ডিকেটৰ লগত জিলা প্ৰশাসন কোনোপধ্যে জড়িত নহয় বুলি মন্তব্য কৰাৰ লগতে বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ কৰি যদি কোনো বিষয়া ছিণ্ডিকেটৰ লগত জড়িত থকাৰ প্ৰমাণ পোৱা যায় তেন্তে তৎক্ষণাত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও মন্তব্য কৰে । অন্যহাতে কয়লাৰ অবৈধ ব্যৱসায়ৰ সম্পৰ্কত যেতিয়াই খৱৰ লাভ কৰে তেতিয়াই দণ্ডাধীশ অন্যথা আৰক্ষীৰ জৰিয়তে ব্যৱস্থা গ্ৰহণ কৰিব বুলিও প্ৰকাশ কৰে ৷কয়লাৰ অবৈধ ব্যৱসায় ৰোধৰ বাবে জিলা প্ৰশাসনে ইতিমধ্যে স্পেচিয়েল ফৰ্চ গঠন কৰিবলৈ যো-জা চলোৱাৰ কথাও সাংবাদিকৰ আগত ব্যক্ত কৰে উপায়ুক্ত গৰাকীয়ে । লগতে বনাঞ্চল ধ্বংসৰ সম্পৰ্কত ইতিমধ্যে ডিগবৈৰ বন সংমণ্ডলৰ অধীনত থকা বনাঞ্চলৰ বেদখল 15 বাৰ কৈ জিলা প্ৰশাসনে বেদখল মুক্ত কৰাৰ কথাও সংবাদ মাধ্যমত প্ৰকাশ কৰে ।