তিনিচুকীয়া, 25 ছেপ্টেম্বৰঃ চৰকাৰৰ চকুত নপৰা এটা অঞ্চল ৷ প্ৰশাসনৰ বৰমূৰীয়া সকলেও ঢুকি নাপায় অঞ্চলটো ৷ এতিয়াও মান্ধাতাযুগীয়া ব্য়ৱস্থাৰে যাতায়াত কৰিবলগীয়া হয় অঞ্চলটোৰ ৰাইজে ৷ টুলঙা নাৱেৰে যাত্ৰা নকৰিলে উপায় নাই ১২৪ নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ কেতেটং গাঁও পঞ্চায়তৰ দহ সহস্ৰাধিক ৰাইজৰ। এখন টুলুঙা নাৱেৰে যাতায়াত কৰা অঞ্চলটোৰ ৰাইজে নৈৰ পানী বাঢ়িলে যাতায়ত বন্ধ ৰাখিবলগীয়া হয় ৷ একেদৰে বিদ্যালয়লৈ যোৱা ছাত্ৰ ছাত্ৰীসকলৰো পানী বঢ়াৰ লগে লগে বন্ধ হৈ পৰে বিদ্যালয়লৈ যোৱা ৷ উন্নয়নপ মুখ নেদেখা ১২৪ নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ বহুকেইখন গাৱঁৰ ৰাইজৰ বাবে এখন টুলুঙা নাৱেই বহিঃজগতৰে সম্পৰ্ক স্থাপনৰ একমাত্ৰ ব্যৱস্থা ৷
বিকশিত অসমৰ এখন বিপৰীত প্ৰতিচ্ছবি - ১২৪ নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টি
টুলঙা নাৱেৰে যাত্ৰা নকৰিলে উপায় নাই ১২৪ নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ কেতেটং গাঁও পঞ্চায়তৰ দহ সহস্ৰাধিক ৰাইজৰ। এখন টুলুঙা নাৱেৰে যাতায়াত কৰা অঞ্চলটোৰ ৰাইজে নৈৰ পানী বাঢ়িলে যাতায়ত বন্ধ ৰাখিবলগীয়া হয় ৷
মাৰ্ঘেৰিটাৰ কেতেটং গাওঁ পঞ্চায়তৰ মধুপুৰ,টকলং, অমৃত গাওঁ, ১ নং বিছা গাওঁ,লহৰি বস্তি,হাৱাই পথাৰ আদিকে ধৰি কেইবাখনো গাৱঁৰ ছাত্র ছাত্ৰী আৰু সাধাৰণ জনতাই আজিও টিৰাপ নৈ পাৰ হৈ আহি বহিঃজগতৰে সম্পক স্থাপন কৰিব লগা হয় এখন টুলুঙা নাৱেৰে । স্থানীয় সাংসদ তথা বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী তথা স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাৰ ওচৰত ভুক্তভোগী ৰাইজে টিৰাপ নৈৰ ওপৰত বৰুৱা গ্ৰান্ত ঘাটত এখন দলং নিৰ্মাণৰ দাবী জনাই আহিছে যদিও এই দাবী আজিলৈকে পূৰণ নহ'ল ৷ বিপৰীতে ৰাইজে বিপদসংকুল ভাৱে নাৱেৰেই যাতায়ত অব্যাহত ৰাখিবলগা হৈছে ৷