তিনিচুকীয়া, ২৮ ডিচেম্বৰ: তিনিচুকীয়া পৌৰসভাৰ পৌৰপতি জয়ন্ত বৰুৱাক(Tinsukia Municipality Chairman Expelled) মঙলবাৰে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাথমিক সদস্য পদৰ পৰা বহিষ্কাৰ কৰাৰ সমান্তৰালভাৱে জিলা উপায়ুক্তক পৌৰপতিগৰাকীয়ে পদত্যাগৰ পত্ৰও প্ৰেৰণ কৰে ৷ তাৰ সমান্তৰালভাৱে আজি দলীয় শীৰ্ষ নেতৃত্বৰ নিৰ্দেশ অনুসৰি তিনিচুকীয়া পৌৰসভাৰ উপ-পৌৰপতি নৱনীতা আগৰৱালাই উপ-পৌৰপতি পদৰ পৰা পদত্যাগ কৰি জিলা উপায়ুক্তলৈ পত্ৰ প্ৰেৰণ কৰে(Tinsukia Municipality Vice Chairman Resign) ৷
উল্লেখযোগ্য যে, তিনিচুকীয়া পৌৰসভাখন শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণৰ(Labour Welfare Minister Sanjay Kishan) ইচ্ছা অনুসৰি গঠন কৰাৰ কিছুদিনৰ পাচৰে পৰাই পৌৰসভাই চহৰখনৰ উন্নয়নৰ পৰিবৰ্তে নিজৰ মাজত খোৱা-কামোৰাত ব্যস্ত হোৱা পৰিলক্ষিত হৈছিল ৷ তিনিচুকীয়া পৌৰসভা ১৫ টা ৱাৰ্ডৰ ১৩ ৱাৰ্ড বিজেপিৰ, ১টা ৱাৰ্ড আম আদমী পাৰ্টীৰ আৰু ১টা ৱাৰ্ড নিৰ্দলীয়ৰ দখলত থকাৰ পাছতো শাসকীয় দলৰ ৱাৰ্ড কমিচনাৰসকলৰ সংঘাত হৈছিল পৌৰপতিগৰাকীৰ সৈতে(Tinsukia Municipal Board ) ৷
এইক্ষেত্ৰত পৰৱৰ্তী সময়ত নিজে গঠন কৰা পৌৰপতিক আঁতৰাবলৈ উঠি পৰি লাগিছিল শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণৰ(Labour Welfare Minister Sanjay Kishan) লগতে অধিকাংশ ৱাৰ্ড কমিচনাৰ ৷ এটা সময়ত অনাস্থা পৰ্যন্ত অনা হৈছিল ৷ বাৰম্বাৰ দলৰ শীৰ্ষ নেতৃত্বৰে আলোচনাত মিলিত হোৱাৰ লগতে মুখ্যমন্ত্ৰীৰ সৈতেও এই সন্দৰ্ভত কেইবাবাৰো আলোচনাত বহিছিল পৌৰসভাৰ দুয়োটা ফৈদ ৷
লগতে পঢ়ক :Tinsukia Municipality Chairman Expelled: তিনিচুকীয়া পৌৰসভাৰ পৌৰপতি জয়ন্ত বৰুৱাক বিজেপিৰ পৰা বহিষ্কাৰ