কাকপথাৰ, 20 ডিচেম্বৰঃৰাজ্যৰ চৌদিশে তীব্ৰতৰ নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ ৷ ইয়াৰ মাজতে তিনিচুকীয়াত আইনখনৰ বিৰোধীতা কৰা মহিলাক ফোনযোগে ভাবুকি প্ৰদান কৰাৰ তথ্য পোহৰলৈ আহিছে ৷ ঘটনা অনুসৰি, তিনিচুকীয়া জিলাৰ ৰঙাজান জিলা পৰিষদৰ সদস্যা ৰশ্মিৰেখা দহোটীয়াৰ পৰিয়ালৰ এজন সদস্যাই নিৰু হাজৰিকা নামৰ এগৰাকী মহিলাক আইখন সমৰ্থন কৰিবলৈ ভাবুকি প্ৰদান কৰে ৷ ৰঞ্জিত গোঁহাই নামৰ ব্যক্তিজনে নিৰু হাজৰিকাই নাগৰিকত্ব সংশোধনী আইনখন সমৰ্থন নকৰিলে মৃত স্বামীৰ পেঞ্চন বন্ধ কৰিব বুলি টেলিফোন যোগে ভাবুকি প্ৰদান কৰে |
তিনিচুকীয়াত নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদকাৰীক ভাবুকি প্ৰদান - তিনিচুকীয়াত নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ শেহতীয়া বাতৰি
নিচুকীয়া জিলাৰ ৰঙাজান জিলা পৰিষদৰ সদস্যা ৰশ্মিৰেখা দহোটীয়াৰ পৰিয়ালৰ এজন সদস্যাই নিৰু হাজৰিকা নামৰ এগৰাকী মহিলাক আইখন সমৰ্থন কৰিবলৈ ভাবুকি প্ৰদান কৰে ৷ ৰঞ্জিত গোঁহাই নামৰ ব্যক্তিজনে নিৰু হাজৰিকাই নাগৰিকত্ব সংশোধনী আইনখন সমৰ্থন নকৰিলে মৃত স্বামীৰ পেঞ্চন বন্ধ কৰিব বুলি টেলিফোন যোগে ভাবুকি প্ৰদান কৰে ৷
তিনিচুকীয়াত নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদকাৰীক ফোনযোগে ভাবুকি
আনহাতে, বিজেপিৰ জিলা পৰিষদৰ সদস্যৰ পৰিয়ালৰ লোকে সাধাৰণ জনতাক এনেদৰে ভাবুকি প্ৰাদন কৰা ঘটনাই সম্প্ৰতি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে সকলো বিজেপি নেতা, কৰ্মীক সংযত, অমায়িকভাবে প্ৰতিবাদকাৰীৰ লগত কথা, বাৰ্তা পাতিবলৈ আহ্বান জনোৱাৰ সময়তে এনদৰে ফোনযোগে ভাবুকি প্ৰদান কৰা বিষয় সন্দৰ্ভত বিজেপি দল তথা নেতাসকলে কেনেদৰে গ্ৰহণ কৰে সেইয়া হ’ব লক্ষণীয় ৷
লগতে পঢ়ক- ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত ৰৌতাত আক্ৰাছুৰ প্ৰতিবাদ