তিনিচুকীয়া, 4 মাৰ্চঃৰাজ্যত সমাগত বিধানসভা নিৰ্বাচন ৷ ইতিমধ্যে ৰাজ্যত নিৰ্বাচনী আচৰণ বিধি বলবৎ হৈ আছে ৷ তাৰ মাজতে বৃহস্পতিবাৰে তিনিচুকীয়াত জব্দ হৈছে বৃহৎ পৰিমাণৰ নগদ ধন ৷ উল্লেখযোগ্য যে, আৰক্ষীৰ নিয়মীয়া তালাচীৰ সময়ত শদিয়াৰ পৰা অহা AS-23V1831 নম্বৰৰ এখন বেলেন’ গাড়ীৰ পৰা আৰক্ষীয়ে জব্দ কৰে টকাখিনি ৷
তিনিচুকীয়াত বৃহৎ পৰিমাণৰ নগদ ধন জব্দ - তিনিচুকীয়া
আৰক্ষীৰ নিয়মীয়া তালাচীৰ সময়ত শদিয়াৰ পৰা অহা AS-23V1831 নম্বৰৰ এখন বেলেন’ গাড়ীৰ পৰা আৰক্ষীয়ে জব্দ কৰে টকাখিনি ৷
তিনিচুকীয়াত বৃহৎ পৰিমাণৰ নগদ ধন জব্দ
শদিয়াৰ ৰাজ কুমাৰ গুপ্তা নামৰ এজন ব্যক্তিয়ে তিনিচুকীয়ালৈ লৈ আহিছিল ১০ লাখ ৫০ হাজাৰ টকাৰ নগদ ধন । সম্প্ৰতি ব্যক্তিজনে নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ বাবে সামগ্রী ক্ৰয় কৰিবলৈ তিনিচুকীয়ালৈ অহাৰ কথা উল্লেখ কৰিছে যদিও ঘটনাস্থলীত ইতিমধ্যে জিলা দণ্ডাধীশ উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ।
লগতে পঢ়কঃ শুকুৰ আলী OUT জছিম খান IN
Last Updated : Mar 4, 2021, 6:04 PM IST