তিনিচুকীয়া,12 অক্টোবৰ: লকডাউনৰ সময়ত সকলোৱে নিজৰ ঘৰতে আবদ্ধ হৈ থাকিবলগীয়া হৈছিল যদিও কিছু কিছু লোকে নিজ প্ৰতিভা বিকশিত কৰা পৰিলক্ষিত হৈছে ৷ লকডাউনৰ এই সময়ছোৱাত বহি নাথাকিল তিনিচুকীয়াৰ এজন যুৱক।
প্ৰশান্ত মুখাৰ্জী নামৰ যুৱকজনে নিজ বাসগৃহৰ পৰাই বিভিন্ন অনলাইন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি প্ৰায় 302 খন মানপাত্ৰ লাভ কৰি অসম বুক অৱ ৰেকৰ্ড,ইণ্ডিয়া বুক অৱ ৰেকৰ্ডৰ লগতে ইণ্টাৰনেশ্যনেল বুক অৱ ৰেকৰ্ডৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে । প্ৰশান্তৰ এই কাৰ্যক লৈ তেওঁৰ পৰিয়ালৰ লগতে গৌৰৱান্বিত হৈছে তিনিচুকীয়াবাসী ৷