অসম

assam

ETV Bharat / state

তিনিচুকীয়া জিলা উকীল সন্থাৰ বাৰ উইক আৰম্ভ - সত্ৰ ন্যায়াধীশ কাৰ্যালয়

সোমবাৰৰ পৰা আৰম্ভ হৈছে তিনিচুকীয়া জিলাৰ উকীল সন্থাৰ বাৰ উইক ৷ প্ৰথমবাৰৰ বাবে ১৮ জানুৱাৰীৰ পৰা ২৩ জানুৱাৰীলৈকে আয়োজন কৰা হৈছে বাৰ উইক অনুষ্ঠান ৷

তিনিচুকীয়া জিলা উকীল সন্থাৰ বাৰ উইক আৰম্ভ
তিনিচুকীয়া জিলা উকীল সন্থাৰ বাৰ উইক আৰম্ভ

By

Published : Jan 19, 2021, 6:47 AM IST

তিনিচুকীয়া,19 জানুৱাৰী: তিনিচুকীয়া জিলাৰ বৰগুৰিস্থিত সত্ৰ ন্যায়াধীশৰ কাৰ্যালয়ত তিনিচুকীয়া জিলাৰ উকীল সন্থাৰ উদ্যোগত সোমবাৰৰ পৰা আৰম্ভ হৈছে বাৰ উইক কাৰ্যসূচী । ১৮ জানুৱাৰীৰ পৰা ২৩ জানুৱাৰীলৈকে আয়োজন কৰা বাৰ উইক অনুষ্ঠানটো ৰাতিপুৱা বাৰ এছচিয়েচনৰ সভাপতি ৰঞ্জীত কুমাৰ বৰঠাকুৰে পতাকা উত্তোলন আৰু সাধাৰণ সম্পাদক বিশ্বজিত প্ৰসাদে বন্তি প্ৰজ্বলন কৰে ৷ প্ৰথম দিনৰ কাৰ্যসূচী মুকলি কৰাৰ পাচতে জিলা ও সত্ৰ ন্যায়াধীশ আদালত তথা কাৰ্যালয়ৰ পৰা তিনিচুকীয়া জিলা থানা চাৰিআলিলৈকে খোজকঢ়া প্ৰতিযোগিতাৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়।

তিনিচুকীয়া জিলা উকীল সন্থাৰ বাৰ উইক আৰম্ভ

উল্লেখ্য যে,বাৰ উইক অনুষ্ঠানটোত কেৰমবৰ্ড,ডবা খেল,টেবুল টেনিছ,১০০ মিটাৰ,২০০ মিটাৰ দৌৰ আদি বিভিন্ন ধৰণৰ আন্ত:ক্ৰীড়া আৰু বহিঃক্ৰীড়া খেল প্ৰতিযোগিতাৰ কাৰ্যসূচী গ্ৰহণ কৰিব উকীল সকলে ৷ ইয়াৰ লগতে বাৰ এছ'চিয়েচনৰ সভাপতি ৰঞ্জীত কুমাৰ বৰঠাকুৰে কয় যে,প্ৰথমবাৰৰ বাবে এনেদৰে আয়োজন কৰা হৈছে বাৰ উইক অনুষ্ঠান ।

লগতে পঢ়ক:অৰুণাচল প্ৰদেশৰ উজনি সোৱণশিৰীত চীনৰ হাইড্ৰ’ পাৱাৰ প্ৰকল্প স্থাপন

ABOUT THE AUTHOR

...view details