অসম

assam

ETV Bharat / state

বাঘজান তৈলখাদত উপস্থিত ছিংগাপুৰৰ বিশেষজ্ঞৰ দল - তিনিচুকীয়াৰ বাঘজান

অৱশেষত তিনিচুকীয়াৰ বাঘজান তৈল খাদৰ গেছ নিৰ্গত হোৱাৰ ঘটনা শাম কটাৰ দিশে ৷ বন্ধ কৰি দিয়া হ'ব তিনিচুকীয়া জিলাৰ বাঘজানৰ তৈলখাদ ৷ গেছ নিৰ্গমণৰ ঘটনা ৰোধ কৰিবৰ বাবে বিশেষজ্ঞ দলৰ প্ৰচেষ্টা অব্যাহত ৷

বাঘজান তৈলখাদত উপস্থিত 3 জনীয়া বিশেষজ্ঞৰ দল
বাঘজান তৈলখাদত উপস্থিত 3 জনীয়া বিশেষজ্ঞৰ দল

By

Published : Jun 8, 2020, 11:10 PM IST

তিনিচুকীয়া, 8 জুনঃডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা মাত্ৰ পাঁচশ মিটাৰ আঁৰত থকাঅইল ইণ্ডিয়া লিমিটেডৰ বাঘজান অ’চি এছৰ পাঁচ নম্বৰ খাদত অইলৰ চূড়ান্ত গাফিলতিৰ বাবে পাইপলাইন বিষ্ফোৰণ হৈ অহৰহ গেছ নিৰ্গত হৈ থকাৰ ফলত সমগ্ৰ অঞ্চলটোত বিভীষিকাৰ সৃষ্টি হৈছিল ৷ বিগত 13 দিন ধৰি দ্ৰুত গতিত বিষাক্ত গেছ নিৰ্গত হোৱাৰ ফলত জীৱ কূলৰ ব্যাপক ক্ষতিসাধন কৰাৰ লগতে সমীপৱৰ্তী অঞ্চলটোৰ ৰাইজে ঘৰ বাৰী এৰি আশ্ৰয় শিবিৰত থাকিব লগা পৰিস্থিতিৰো সৃষ্টি হৈছিল,একদৰে মৃত্যু হৈছিল মাগুৰী মতাপুং বিলৰ জলজ প্ৰাণীৰো ৷ কিন্তু এটা ভাল খবৰ ৷ বিষাক্ত গেছ নিৰ্গত হোৱা ঘটনা ৰোধ কৰিবৰ বাবে সোমবাৰে তিনিচুকীয়াৰ বাঘজানত উপস্থিত হৈছে ছিংগাপুৰৰ পৰা অহা বিদেশৰ ৩ জনীয়া বিশেষজ্ঞৰ এটা দল ৷ তেওঁলোকে সমগ্ৰ ঘটনাস্থলী পৰিদৰ্শন কৰাৰ লগতে পৰিস্থিতিৰ বুজ লয় আৰু অতি শীঘ্ৰেই বাঘজানৰ তৈলখাদ বন্ধ কৰাৰ বাবে নিৰ্দেশ দিছে ৷

বিষাক্ত গেছ নিৰ্গমণৰ ফলত মৃত্যু হয় বহু জীৱ জন্তু, পশু পক্ষাৰ মৃত্যু হোৱা

সমগ্ৰ অঞ্চলটোৰ পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ ঘূৰাই অনাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে বিশেষজ্ঞৰ দলটোৰ লগতে NDRFৰ এটা দলে ৷ ইতিমধ্যে খাদটো নিয়ন্ত্ৰণৰ বাবে ৱাটাৰ আমব্ৰেলা নিৰ্মাণ কৰিছে অইলে ৷ তেৰদিন ধৰি বাঘজান তৈলখাদত নিৰ্গমণ হৈ থকা বিষাক্ত গেছে ব্যাপক ক্ষতিসাধন কৰিছিল অঞ্চলটোৰ ৷

বাঘজান তৈল খাদৰ গেছ নিৰ্গত হোৱাৰ ঘটনা শাম কটাৰ দিশে

উল্লেখ্য যে, ডিব্ৰু–চৈখোৱা ৰাষ্ট্রীয় উদ্যানৰ জীৱকূলৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছিল বাঘজানৰ গেছ নিৰ্গত হোৱা ঘটনাই ৷ ইফালে ছিংগাপুৰৰ পৰা অহা বিদেশৰ ৩জনীয়া বিশেষজ্ঞৰ দলটো উপস্থিত হোৱাৰ পিচতে স্বস্তিৰ নিশ্বাস পেলাইছে অঞ্চলটোৰ ৰাইজে ৷

লগতে চাওকঃ অনুমতি অবিহনে কয়লা খনন চলাই আছিল নেকি ক'ল ইণ্ডিয়াই ?

ABOUT THE AUTHOR

...view details