তিনিচুকীয়া,30 অক্টোবৰ :তিনিচুকীয়াত পুনৰ সাংবাদিকক আক্ৰমণৰ ঘটনা ৷ তিনিচুকীয়া ন পুখুৰীত টাই আহোম ছাত্ৰ সন্থাৰ ডুমডুমা শাখাৰ সাধাৰণ সম্পাদক চিম্ময় ফুকনৰ লগতে হিৰণ্ময় মৰাণ নামৰ এজন সাংবাদিকক আক্ৰমণ দুৰ্বৃত্তৰ ৷ ইতিমধ্যে তিনিচুকীয়া আৰক্ষীয়ে আটক কৰিছে অৰ্জুন মাহাতু আৰু ভীম মাহাতু নামৰ দুই আক্ৰমণকাৰীক ৷
তিনিচুকীয়াত সাংবাদিক আক্ৰমণৰ ঘটনা - TINSUKIA ATTACK ON REPORTER AND DUMDUMA ATASU SECRETARY
তিনিচুকীয়া ন পুখুৰীত টাই আহোম ছাত্ৰ সন্থাৰ ডুমডুমা শাখাৰ সাধাৰণ সম্পাদক চিম্ময় ফুকনৰ লগতে হিৰণ্ময় মৰাণ নামৰ এজন সাংবাদিকক আক্ৰমণ দুৰ্বৃত্তৰ
ঘটনা অনুসৰি টাই আহোম ছাত্ৰ সন্থাৰ ডুমডুমা শাখাৰ সাধাৰণ সম্পাদক চিম্ময় ফুকনৰ লগতে আন তিনিজনক অভিযুক্ত অৰ্জুন মাহাতু আৰু ভীম মাহাতুৱে আন কেইজন লোকৰ সৈতে আক্ৰমণ কৰে ৷ সেই সমযত হিৰণ্ময় মৰাণ নামৰ সাংবাদিকজনে নিজ কৰ্তব্য সম্পাদন কৰি আহি উক্ত স্থানত উপস্থিত হোৱাত সাংবাদিকজনকো খেদি খেতি প্ৰহাৰ কৰে লোককেইজনে ৷ লগতে কাঢ়ি লৈ যায় সাংবাদিকজনৰ ম'বাইল ফোন আৰু পাৱাৰ বেংক | ইতিমধ্যে সাংবাদিক হিৰণ্ময় মৰাণৰ লগতে চিন্ময় ফুকনে পৃথকে-পৃথকে তিনিচুকীয়া সদৰ থানাত এজাহাৰ দাখিল কৰিছে । এই গোচৰ ভিত্তিতে তিনিচুকীয়া আৰক্ষীয়ে আটক কৰিছে অৰ্জুন মাহাতু আৰু ভীম মাহাতু নামৰ দুই অভিযুক্তক ৷