তিনিচুকীয়া, ২৩ জুলাই:সদৌ তাই আহোম ছাত্ৰ সন্থাৰ সভাপতি মিলন বুঢ়াগোহাঁই আৰু ভাৰতীয় জনতা পাৰ্টিৰ নেতা শিৱসাগৰৰ লাচিত গগৈৰ এক টেলিফোনিক ক'ল ৰেকৰ্ডিং সামাজিক মাধ্যমত বিয়পি পৰাৰ পাছতে সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় ৷ উক্ত কথোপকথন আটাছুৰ সভাপতি মিলন বুঢ়াগোহাঁই সামাজিক মাধ্যমৰ জৰিয়তে অস্বীকাৰ কৰাৰ বিপৰীতে বিজেপি নেতা লাচিত গগৈয়ে কথোপকথনটোৰ সত্যতা স্বীকাৰ কৰে ৷ তাৰ পাচতে শনিবাৰে মৰাণত অনুষ্টিত আটাছুৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সভাৰ সিদ্ধান্তমৰ্মে সভাপতি মিলন বুঢ়াগোহাঁইক কেন্দ্ৰীয় সমিতিয়ে অপসাৰণ কৰাৰ পাচতে সৰৱ হৈ পৰিছে আটাছু তিনিচুকীয়া জিলা সমিতি ৷
দেওবাৰে আটাছুৰ তিনিচুকীয়া জিলা সমিতিয়ে নিজা কাৰ্যালয়ত সম্বোধন কৰা এখন সংবাদমেলৰ জৰিয়তে কেন্দ্ৰীয় সমিতিৰ এনে সিদ্ধান্তক গ্ৰহণ কৰা নহ'ব বুলি সকীয়াই দিয়ে ৷ আটাছুৰ তিনিচুকীয়া জিলা সমিতিৰ সম্পাদক নয়ন বুঢ়াগোঁহাই আঁত ধৰা সংবাদমেলত কেন্দ্ৰীয় সভাপতি মিলন বুঢ়াগোহাঁই অনুপস্থিত থকাৰ সময়ত হঠাৎ কোনো তদন্ত নকৰাকৈ অপসাৰণ কৰা কাৰ্যক অগণতান্ত্ৰিক আখ্যা দিয়াৰ লগতে ৰাজনৈতিক দলৰ সৈতে মিলি আটাছুৰ কেন্দ্ৰীয় সমিতিৰ একাংশই গাদীৰ লোভত এনে সিদ্ধান্ত লোৱা হৈছে বুলি ক্ষোভেৰে কৰে ৷