অসম

assam

ETV Bharat / state

মাকুমত অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ প্ৰতিবাদ - অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ প্ৰতিবাদ

মাননী বৃদ্ধি কৰাৰ লগতে অৱসৰৰ পিচত এককালীন সাহাৰ্য প্ৰদানৰ দাবী

মাকুমত অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ প্ৰতিবাদ

By

Published : Feb 22, 2019, 7:14 PM IST

তিনিচুকীয়া,২২ফেব্ৰুৱাৰীঃ ৰাজ্য চৰকাৰৰ বাজেটত অংগনবাড়ী কৰ্মী সহায়িকাৰ বাবে কোনো আঁচনি নৰখাৰ অভিযোগ অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ । শুকুৰবাৰে মাকুমৰ সংহত শিশু উন্নয়ণ প্ৰকল্প বিষয়াৰ কাৰ্যালয়ত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি এই অভিযোগ তুলিছে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ হাপজান প্ৰকল্প শাখাৰ শতাধিক কৰ্মী সহায়িকাই।

মাকুমত অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ প্ৰতিবাদ

মাননী বৃদ্ধিৰ লগতে অৱসৰৰ পিচত এককালীন সাহাৰ্য প্ৰদানৰ দাবী কৰে প্ৰতিবাদকাৰী সকলে। যদিহে অৱসৰৰ পিচত কৰ্মী সহায়িকাসকলক এককালীন সাহাৰ্যৰ ব্যৱস্থা নকৰে তেনেহলে তেওঁলোকে অৱসৰ নলয় বুলিও হুংকাৰ দিয়ে।

ABOUT THE AUTHOR

...view details