অসম

assam

তিনিচুকীয়াত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদ

By

Published : Feb 1, 2021, 4:56 PM IST

দেওবাৰে তেজপুৰ আৰু শুৱালকুছিত প্ৰতিবাদকাৰী আছু কৰ্মীৰ ওপৰত আৰক্ষীয়ে যি বৰ্বৰতা প্ৰদৰ্শন কৰিছিল তাৰ প্ৰতিবাদত সোমবাৰে তিনিচুকীয়াত সদৌ অসম ছাত্ৰ সন্থাই সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ ৷

as_tsk_aasu-protest_vis_as10027
তিনিচুকীয়াত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদ

তিনিচুকীয়া, 1 ফেব্ৰুৱাৰী:দেওবাৰে শুৱালকুছি আৰু তেজপুৰত আছুৰ সদস্যৰ ওপৰত আৰক্ষীৰ বৰ্বৰ আক্ৰমণৰ প্ৰতিবাদত সোমবাৰে ৰাজ্যজুৰি সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত পুনৰ সাব্যস্ত কৰা হয় প্ৰতিবাদ ৷ সমান্তৰলাকৈ, তিনিচুকীয়াৰ চেনাইৰাম বিদ্যালয়ৰ সন্মুখতো প্ৰতিবাদ সাব্যস্ত কৰে আছু কৰ্মীয়ে ৷ প্ৰতিবাদকাৰীয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পুত্তলিকা দাহ কৰাৰ উপৰিও চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷

উল্লেখ্য যে,প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসম ভ্ৰমণৰ দিনা জাতিধ্বংসী আইন 'কা'ৰ বিৰুদ্ধে ৰাজ্যজুৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছিল সদৌ অসম ছাত্ৰ সন্থাই । আনহাতে 31 জানুৱাৰী দেওবাৰেও তেজপুৰ আৰু শুৱালকুছিতো গণতান্ত্ৰিকভাৱে জোঁৰ সমদল কাৰ্যসূচী অনুষ্ঠিত কৰিছিল সদৌ অসম ছাত্ৰ সন্থাই । কিন্তু এই প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীয়ে অতি বৰ্বৰভাৱে আক্ৰমণ চলায় । আৰক্ষীৰ এই বৰ্বৰতা তথা অসমৰ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে সোমবাৰে পুনৰ প্ৰতিবাদমুখৰ হৈ পৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ আছু কৰ্মীসকল ৷

তিনিচুকীয়াত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদ

লগতে পঢ়ক-বৰপেটাত মুখ্যমন্ত্ৰী সোণোৱালৰ প্ৰতিকৃতি দাহ

ABOUT THE AUTHOR

...view details