অসম

assam

ETV Bharat / state

তিনিচুকীয়াত ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ - সদৌ অসম ছাত্ৰ সন্থা

অত্যাৱশ্যকীয় সামগ্রীৰ মূল্যবৃদ্ধিৰ বিৰোধিতাৰে শুকুৰবাৰে তিনিচুকীয়াত ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই ৷

তিনিচুকীয়াত ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
তিনিচুকীয়াত ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ

By

Published : Jul 4, 2020, 8:02 AM IST

Updated : Jul 4, 2020, 9:01 AM IST

তিনিচুকীয়া, 3 জুলাইঃঅত্যাৱশ্যকীয় সামগ্ৰী,পেট্ৰ'ল-ডিজেলৰ আকাশলঙ্ঘী মূল্যবৃদ্ধিয়ে ৰাজ্যৰ সাধাৰণ জনতাক ৰামটাঙোন সোধাইছে। মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম নোহোৱা ৰাজ্য চৰকাৰৰ যোগান বিভাগৰ বিৰুদ্ধে গৰজি উঠিল সদৌ অসম ছাত্ৰ সন্থা। শুকুৰবাৰে ৰাজ্য জুৰি সদৌ অসম ছাত্ৰ সন্থাই মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবী জনাই চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে তিনিচুকীয়াতো সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই বৰগুৰি কৰ্ট তিনি আলিত ধৰ্ণা কাৰ্যসূচী পালন কৰি প্ৰতিবাদ সাব্যস্ত কৰে। চৰকাৰ বিৰোধী ভিন্ন শ্ল'গানেৰে প্ৰতিবাদথলী উত্তাল কৰাৰ লগতে অতি সোনকালে অত্যাৱশ্যকীয় সামগ্ৰী আৰু পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধি ৰোধ কৰিবলৈ দাবী জনাইছে জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমৰজ্যোতি গোহাঁইয়ে।

তিনিচুকীয়াত ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
লগতে চাওকঃ তেজপুৰত মুল্যবৃদ্ধিৰ বিৰোধিতাৰে আছুৰ প্ৰতিবাদ
Last Updated : Jul 4, 2020, 9:01 AM IST

ABOUT THE AUTHOR

...view details