তিনিচুকীয়া, 26 নৱেম্বৰ :তিনিচুকীয়াৰ বাৰেকুৰিত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা ৷ এটি ৫ বছৰীয়া কণমানি কন্যা সন্তানক টিকাকৰণৰ পাছতে মৃত্যুক আঁকোৱালি লোৱাৰ ঘটনাৰ পাছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ তিনিচুকীয়াৰ বাৰেকুৰিৰ লেচেংকা গাঁৱৰ নিবাসী শুভজিৎ বড়াৰ একমাত্ৰ সন্তান ভীনাশ্ৰী বড়াক স্বাস্থ্য বিভাগৰ নীতি অনুসৰিয়েই আইতাকে টিকাকৰণৰ বাবে লৈ গৈছিল যদিও টিকাকৰণৰ পাছতে কণমানিটোৰ স্বাস্থ্যৰ অৱস্থাৰ অৱনতি ঘটে ৷ যাৰ পাছতেই কন্যা সন্তান গৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ কিন্তু নিশাটো মৃত্যুৰে যুঁজি হাৰ মানে 5 বছৰীয়া কণমানি গৰাকীয়ে ৷ এতিয়া মৃত ভীনাশ্ৰীৰ আত্মীয় আৰু স্থানীয় ৰাইজে টিকাকৰণত ব্যবহৃত ঔষধ ম্যাদ ওকলা হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে ৷ পৰিয়ালৰ লোকে এতিয়া উক্ত ঘটনাৰ উচিত তদন্তৰ দাবী কৰিছে ৷
তিনিচুকীয়াত টিকাকৰণৰ পাছতে 5 বছৰীয়া কণমানিৰ মৃত্যু ! - tinsukia
তিনিচুকীয়াৰ বাৰেকুৰিত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা ৷ এটি ৫ বছৰীয়া কণমানি কন্যা সন্তানক টিকাকৰণৰ পাছতে মৃত্যুক আঁকোৱালি লোৱাৰ ঘটনাৰ পাছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ৷
তিনিচুকীয়াত টিকাকৰণৰ পাছতে 5 বছৰীয়া কণমানিৰ মৃত্যু !
ইফালে আৰক্ষীয়েও ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷ আৰক্ষীয়ে টিকাকৰণত নিয়োজিত নাৰ্চগৰাকীকো ঘটনা সন্দৰ্ভত সোধ পোছ কৰে ৷ এতিয়া কণমানিজনীৰ মৃত্যুৰ প্ৰকৃত কাৰণ মৰণোত্তৰ পৰীক্ষাৰ পাছতহে পোহৰলৈ আহিব ৷
লগতে পঢ়ক: ধুবুৰীৰ আধাৰ কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি