শদিয়া,23 নৱেম্বৰ : তিনিচুকীয়াৰ বৰহাপজানত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ ৷ মৃতদেহটো কাকপথাৰৰ লাজুম গাঁৱৰ জুমন দহোতীয়াৰ পুত্ৰ কমল দহোতীয়া বুলি ইতিমধ্যে চিনাক্তকৰণ হৈছে ৷ শুকুৰবাৰে সন্ধিয়া 7 মান বজাত বৰহাপজানৰ ধনশিৰি ফেক্টৰীৰ সন্মুখৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত মৃতদেহটো স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে ৷ মৃতদেহটোত আঘাটৰ চিন স্পৰ্ষ্ট ৷ যুৱকজনক হত্যা কৰি মৃতদেহটো পেলাই থৈ গৈছে বুলি সন্দেহ প্ৰকাশ স্থানীয় ৰাইজৰ ৷ বৰ্তমান মৃতদেহটোক লৈ আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ৷
শদিয়াত উদ্ধাৰ কাকপথাৰৰ যুৱকৰ মৃতদেহ - A deadbody recovered in sadiya
তিনিচুকীয়াৰ শদিয়াত এটা মৃতদেহ উদ্ধাৰ ৷ মৃতদেহটো কাকপথাৰৰ এজন যুৱকৰ বুলি চিনাক্ত ৷
![শদিয়াত উদ্ধাৰ কাকপথাৰৰ যুৱকৰ মৃতদেহ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5150870-thumbnail-3x2-sadiya.jpg)
শদিয়াত কাকপথাৰৰ যুৱকৰ মৃতদেহ উদ্ধাৰ