অসম

assam

By

Published : Nov 5, 2020, 6:05 PM IST

ETV Bharat / state

তিনিচুকীয়াত মুখ্যমন্ত্ৰী আৰু যোগানমন্ত্ৰীৰ প্ৰতিকৃতি দাহ

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বাবে তিনিচুকীয়া জিলাৰ পেঙেৰী চাৰিআলিত আজি প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ পেঙেৰী-বৰডুমচা আঞ্চলিক সমিতিয়ে ৷ প্ৰতিবাদকাৰী সকলে মুখ্যমন্ত্ৰী আৰু যোগানমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি উত্তাল কৰি তোলে প্ৰতিবাদস্থলী ৷

tinisukia protest  Pengeri-Bardumcha Regional Committee of Assam Nationalist Youth-Student Council
তিনিচুকীয়াত মুখ্যমন্ত্ৰী আৰু যোগানমন্ত্ৰীৰ প্ৰতিকৃতি দাহ

তিনিচুকীয়া,5নৱেম্বৰ: অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত আজি উত্তাল হৈ পৰে তিনিচুকীয়া জিলাৰ পেঙেৰী চাৰিআলি ৷ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ পেঙেৰী-বৰডুমচা আঞ্চলিক সমিতিয়ে অসমৰ মুখ্যমন্ত্ৰী আৰু যোগানমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি সাব্যস্ত কৰে প্ৰতিবাদ ৷

তিনিচুকীয়াত মুখ্যমন্ত্ৰী আৰু যোগানমন্ত্ৰীৰ প্ৰতিকৃতি দাহ

প্ৰতিবাদকাৰী সকলে আলু-পিয়াজৰ মালা লগাই সাব্যস্ত কৰা এই প্ৰতিবাদত সংগঠনটোৰ অধিকাশ লোকে অংশগ্ৰহণ কৰে ৷ বৰ্তমান সময়ত অত্যাৱশ্যকীয় সামগ্ৰীৰ অত্যাধিক মূল্যবৃদ্ধিয়ে সাধাৰণ শ্ৰেণীৰ লোকসকলক জীয়াতু ভোগাইছে । অসম চৰকাৰক অতি শীঘ্ৰে মূল্যবৃদ্ধি ৰোধ কৰিবলৈ দাবী জনায় যুৱ-ছাত্ৰ পৰিষদৰ সদস্য সকলে ৷

অন্য এক খবৰৰ বাবে: মুখ্যমন্ত্ৰীয়ে সোঁৱৰিলে ভাৰত ৰত্ন ডঃ ভূপেন হাজৰিকাক

ABOUT THE AUTHOR

...view details