ডুমডুমা, 26জুলাইঃ অসমৰ বিভিন্ন জিলাত থলুৱা পশুপালক সকলক ৰাজ্য চৰকাৰে বিপদত পেলাই বহিঃৰাজ্যৰ পৰা গাহৰি আমদানি কৰাৰ বাবে বহুজাতিক প্ৰতিষ্ঠানক চৰকাৰে অনুমতি প্ৰদান কৰা সিদ্ধান্তক সদৌ তিনিচুকীয়া জিলা পশুপালক সংস্থাই তীব্ৰ বিৰোধিতা কৰিছে । তিনিচুকীয়া জিলাৰ তালাপত এক সংবাদ মেল সম্বোধন কৰি সদৌ তিনিচুকীয়া জিলা পশুপালক সংস্থাৰ বিষয়বৱীয়াসকলে পশুপালকসকলৰ বিভিন্ন সমস্যাৰ কথা উল্লেখ কৰে ৷
বহিঃৰাজ্যৰ গাহৰি আমদানিৰ বিৰোধিতা সদৌ তিনিচুকীয়া পশুপালক সংস্থাৰ
বহিঃৰাজ্যৰ পৰা অসমত গাহৰি আমদানিৰ সিদ্ধান্তক লৈ সদৌ তিনিচুকীয়া জিলা পশুপালক সংস্থাৰ তীব্ৰ ক্ষোভ প্ৰকাশ । সিদ্ধান্ত বাতিল নকৰিলে তীব্ৰ প্ৰতিবাদৰ হুংকাৰ প্ৰদান ।
বহিঃৰাজ্যৰ গাহৰি আমদানিৰ বিৰুদ্ধে সৰব সদৌ তিনিচুকীয়া পশুপালক সংন্থা
বিশেষকৈ গাহৰি ব্যৱসায় আৰু গাহৰি পালনৰ ক্ষেত্ৰত অসমত যথেষ্ট পৰিমাণে সা-সুবিধা থকাৰ পাচতো ৰাজ্য চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষই কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে । চৰকাৰে গ্ৰহণ কৰা এনে থলুৱা বিৰোধী নীতি অতি শীঘ্ৰে বাতিল নকৰিলে সদৌ তিনিচুকীয়া জিলা পশুপালক সন্থাই তিব্ৰ প্ৰতিবাদ গঢ়ি তুলাৰ হুংকাৰ প্ৰদান কৰিছে ।
লগতে পঢ়কঃ প্ৰেমে নামানে লক ডাউন,প্ৰেমে নামানে বয়স.