অসম

assam

ETV Bharat / state

চোৰাং ব্যৱসায়ীৰ সৈতে গোপন বুজাবুজিৰ অভিযোগ বন সংমণ্ডল বিষয়াৰ বিৰুদ্ধে - চোৰাং কাঠ ব্যৱসায়ী

চোৰাং কাঠ ব্যৱসায়ীৰ সৈতে গোপন বুজাবুজিৰ অভিযোগ তিনিচুকীয়া জিলাৰ অন্তৰ্গত ডুমডুমা বন সংমণ্ডল বিষয়া দিলীপ ডেকাকে প্ৰমুখ্য কৰি কাকপথাৰ বনাঞ্চলিক কাৰ্যালয়ৰ বন বিষয়াৰ বিৰুদ্ধে ।

timber smuggler in dumduma
timber smuggler in dumduma

By

Published : Apr 10, 2020, 8:30 PM IST

ডুমডুমা, 10 এপ্ৰিলঃ তিনিচুকীয়া জিলাৰ অন্তৰ্গত ডুমডুমা বন সংমণ্ডল বিষয়া দিলীপ ডেকাকে প্ৰমুখ্য কৰি কাকপথাৰ বনাঞ্চলিক কাৰ্যালয়ৰ বন বিষয়াৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুতৰ অভিযোগ । অভিযোগ অনুসৰি, চোৰাং ব্যৱসায়ীৰ সৈতে গোপন বুজাবুজি আছে তেওঁলোকৰ । এই অভিযোগৰ সত্যতা সংমণ্ডলটোৰ অন্তৰ্গত কাঁচিজান সংৰক্ষিত বনাঞ্চলত প্ৰমাণিত হৈছে বুলিও জানিব পৰা গৈছে । চোৰাং কাঠ ব্যৱসায়ীয়ে বনাঞ্চলখনৰ দক্ষিণ অংশৰ ফিল'বাৰী সোণোৱাল গাঁৱৰ পিচফালে থকা বনাঞ্চলত, বৃহৎ চাম গছ যন্ত্ৰ চালিত কৰতেৰে কাটি সেই স্থানতেই ফলাৰ খবৰ পোৱাত, সাংবাদিকৰ এটা দল সেই স্থানত উপস্থিত হয় । এই সন্দৰ্ভত স্থানীয় ৰাইজৰ লগতে কেইগৰাকীমান সাংবাদিকে ডুমডুমা বন সংমণ্ডল বিষয়াৰ সৈতে যোগাযোগৰ চেষ্টা চলায় যদিও, বিষয়া গৰাকীৰ পৰা কোনো সঁহাৰি লাভ কৰা নাছিল । যাৰ বাবে চোৰাং ব্যৱসায়ীৰ সৈতে বন বিভাগৰ গোপন বুজাবুজিৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ।

চোৰাং ব্যৱসায়ীৰ সৈতে গোপন বুজাবুজিৰ অভিযোগ বন সংমণ্ডল বিষয়াৰ বিৰুদ্ধে

উল্লেখ্য যে, বিগত দুমাহৰ আগতেও বনাঞ্চল খনৰ আন এক স্থানত কোনো লোকে মূল্যবান গছ কাটি মুকলি অংশত জুই লগাই দিছিল । সেই সন্দৰ্ভতো স্থানীয় ৰাইজে বন বিভাগক অৱগত কৰিছিল যদিও, বহু পলমকৈ বন বিভাগৰ লোক সেই স্থানত উপস্থিত হৈছিল । বন ধ্বংসৰ খবৰ প্ৰদানৰ ক্ষেত্ৰত সংমণ্ডলটোৰ বিষয়া গৰাকীৰ সঁহাৰি নোপোৱা বিষয়ক লৈ ৰাইজে তীব্ৰ ক্ষোভ প্ৰকাশ কৰাৰ লগতে, দোষীক শাস্তি প্ৰদানৰ দাবী জনাইছে । স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, সংমণ্ডলটোৰ অন্তৰ্গত সংৰক্ষিত বনাঞ্চল সমূহত বন মাফিয়াৰ দৌৰাত্ম্য বৃদ্ধি পোৱাৰ লগতে, বনাঞ্চলৰ পৰিসীমাও ক্ৰমান্বয়ে সংকুচিত হৈ আহিছে ।

লগতে পঢ়কঃকেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আঠাৱালৰ নেতৃত্বত বৰাক উপত্যকাত সাহাৰ্য বিতৰণ

ABOUT THE AUTHOR

...view details