অসম

assam

ETV Bharat / state

ফিল'বাৰী আৰক্ষীয়ে জব্দ কৰা অবৈধ কাঠ চমজি ল'বলৈ নাই বন বিষয়া - দোৱাৰত ওলমাই ৰখা হৈছে তলা

তিনিচুকীয়া জিলাৰ ফিল'বাৰী আৰক্ষীয়ে এক অভিযান চলাই মঙলবাৰে চোৰাং কাঠ ভৰ্তি ট্ৰাক জব্দ কৰিছিল ৷ কিন্তু বন বিভাগে আজিলৈকে চমজি লোৱা নাই জব্দ হোৱা চোৰাং কাঠৰ লগতে বাহনখন ৷

philobari
তিনিচুকীয়া

By

Published : Dec 4, 2019, 10:47 PM IST

ডুমডুমা , 4 ডিচেম্বৰঃমঙলবাৰে তিনিচুকীয়া জিলাৰ ফিল'বাৰী আৰক্ষীয়ে এক অভিযান চলাই এখন মালবাহী ট্ৰাকৰ সৈতে বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হয় ৷ এক গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে চোৰাং কাঠসমূহ জব্দ কৰিবলৈ সক্ষম হয় ৷ তথ্য অনুসৰি অৰুণাচল প্ৰদেশৰ লাথাওৰ পৰা ৰূপাই অভিমুখে গৈ থকা সময়তে ফিল'বাৰী আৰক্ষীয়ে দুই লক্ষাধিক টকা মূল্যৰ অবৈধ কাঠ সহ AS-06-F-8864 নম্বৰৰ এখন বাহন জব্দ কৰে । কিন্তু জব্দীকৃত কাঠসহ বাহন চমজি ল'বলৈ নাই বিয়াগোম বন বিভাগৰ কোনো বিষয়া ৷

জব্দ কৰা অবৈধ কাঠ চমজি লবলৈ নাই বন বিষয়া

পৰিতাপৰ বিষয় যে ফিল'বাৰী খণ্ড বন বিষয়া কাৰ্যালয়ত দিনৰ 12 বজাৰ পৰাই তলা লাগি আছে ৷ বন বিভাগৰ কাৰ্যালয়ৰ এখন খিৰিকি খুলি দোৱাৰত ওলোমাই ৰখা হৈছে তলা ৷ উল্লেখ্য যে বৃহত্তৰ ফিল'বাৰী অঞ্চলত প্ৰতিদিনে চোৰাং কাঠ বেহা আৰু অবৈধ খনন চলি থকা অৱস্থাতো ফিল'বাৰী খণ্ড বন সংমণ্ডলৰ নিৰ্লিপ্ত ভূমিকা ৰহস্যজনক বুলি মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বন বিষয়াৰ কাৰ্যালয়ৰ সন্মুখেদি নিতৌ চোৰাং কাঠ, বালি, মাটি ভৰ্তি বাহন পাৰ হৈ যোৱা কাৰ্যত বন বিভাগৰ মিতিৰালি আখ্যা দিছে স্থানীয় ৰাইজ তথা দল সংগঠনে । এতিয়া প্ৰশ্ন হয় বিভাগটোৰ এইসকল কৰ্মচাৰীৰ ওপৰত উৰ্দ্ধতম কতৃপক্ষই কিবা ব্যৱস্থা ল'ব নে?

লগতে পঢ়ক- গুৱাহাটী ৰে'লৱে ষ্টেচনত সোণসহ গ্ৰেপ্তাৰ সৰবৰাহকাৰী

ABOUT THE AUTHOR

...view details