তিনিচুকীয়া, 5 ফেব্ৰুৱাৰী: ৰাজ্যজুৰি চোৰাং সৰবৰাহৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসন যিমানেই কঠোৰ হৈছে, সিমানেই একাংশ সৰবৰাহকাৰীয়ে ন ন কৌশল অৱলম্বন কৰি সৰবৰাহ অব্যাহত ৰাখিছে ৷ সৰ্বজনবিদিত যে তিনিচুকীয়াৰ মাজেৰে দীৰ্ঘদিনৰ পৰা একাংশ দুষ্ট চক্ৰই কাঠ, কয়লাৰ লগতে বিভিন্ন সামগ্ৰীৰ অবৈধ বেহা চলাই আহিছে ৷ দেওবাৰে পুনৰ তিনিচুকীয়াৰ ৰাজপথত জিলা পৰিবহন বিভাগৰ সহযোগত প্ৰশাসনে এখন কাঠভৰ্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয় (Timber loaded Truck seized in Tinsukia) ৷ জব্দকৃত ট্ৰাকখনৰ নম্বৰ হৈছে AS23 CC5968 ৷
তিনিচুকীয়াৰ ৰাজহ চক্ৰ বিষয়া চিন্ময় পাঠকৰ নেতৃত্বত কাঠভৰ্তি ট্ৰাকখন জব্দ কৰি ট্ৰাকখনৰ নথি-পত্ৰসমূহ পৰীক্ষা কৰি জিলা পৰিবহন বিভাগৰ কাৰ্যালয়লৈ যায় ৷ লগতে আৰক্ষীয়ে ট্ৰাকখনৰ চালকজনকো আটক কৰিবলৈ সক্ষম হৈছে (Timber loaded Truck seized along with driver) ৷ জব্দকৃত ট্ৰাকখনৰ চালকজনে আৰক্ষীৰ সোধা-পোছাত কয় যে, কাঠখিনি অৰুণাচল প্ৰদেশৰ পৰা নলবাৰীলৈ বুলি তিনিচুকীয়া জিলাৰ মাজেৰে সৰবৰাহ কৰি লৈ যোৱা হৈছিল (Driver arrested in Tinsukia) ৷ কাঠখিনিৰ যাৱতীয় নথি-পত্ৰ আছে ৷
ইফালে তিনিচুকীয়া বিভিন্ন দল-সংগঠনে অভিযোগ উত্থাপন কৰে যে, কাঠৰ মাফিয়াই কাঠ সৰবৰাহৰ কাৰণে এখন টি পি কেইবাবাৰো ব্যৱহাৰ কৰি চৰকাৰক কৰফাঁকি দি আহিছে ৷ সদৌ টাই আহোম ছাত্ৰ সন্থাৰ যুটীয়া সম্পাদক মিলন বুঢ়াগোহাঁইয়ে সংবাদমাধ্যমৰ আগত কয়, ‘‘আমি বহুদিনৰপৰা সংবাদমাধ্যমৰ জৰিয়তে জিলা প্ৰশাসন, বনবিভাগক আহ্বান জনাই আহিছোঁ যে তিনিচুকীয়াৰ মাজেৰে প্ৰতিদিনে অবৈধ কাঠ, কয়লাৰ অবৈধ ৰমৰমীয়া বেহা অব্যাহত আছে ৷ এইবোৰ অনতিপলমে জব্দ কৰিব লাগে’’ ৷