ডুমডুমা, 6 জুন :তিনিচুকীয়া জিলাৰ ডুমডুমাত বৃক্ক ৰোগত আক্ৰান্ত তিনিবছৰীয়া শিশু কন্যাই হাহাকাৰ কৰিবলগীয়া হৈছে দৰৱৰ বাবে ৷ পখিলা খেদাৰ বয়সতে জটিল বৃক্ক (KIDNEY) ৰোগত আক্ৰান্ত হৈছে আফ্ৰিণা বেগম নামৰ শিশুটি ৷ 2019 চনৰ 15 মে’ত ডিব্ৰুগড়ৰ আদিত্য হাস্পতালত ডুমডুমা নগৰৰ 1 নং ৱাৰ্ডৰ অন্তৰ্গত শংকৰদেৱে কলনীৰ নিৱাসী শ্ৰমিক চাইফুল ইছলাম আৰু জৰিণা বেগমৰ কনিষ্ঠ কন্যা আফ্ৰিণা বেগমৰ দেহত ধৰা পৰিছিল এই ৰোগৰ ৷
চিকিৎসকে আফ্ৰিণাক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ লৈ যোৱাৰ পৰামৰ্শ আগবঢ়াইছে যদিও দিন হাজিৰা কৰি চাৰিজনীয়া পৰিয়াল পোহপাল দিয়া দৰিদ্ৰ পিতৃ-মাতৃসে টকাৰ অভাৱত আফ্ৰিণাক গুৱাহাটীলৈ নিবলৈ সক্ষম হোৱা নাই ৷ ইফালে ভূতৰ ওপৰত দানহ পৰা দি বিগত বৰ্ষৰ 25 জুনত ডিব্ৰু নৈৰ গৰাখহনীয়াত পৰিয়ালটোৰ বাসগৃহ সম্পূৰ্ণৰূপে ধ্বংস হৈ যায় ৷ সম্প্ৰতি ডুমডুমা হুনলাল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আশ্ৰয় শিবিৰত যমৰ যন্ত্ৰণাত জীৱন কটাইছে গৃহহীন হৈ পৰা চাৰিজনীয়া দৰিদ্ৰ পৰিয়ালটো ৷