অসম

assam

By

Published : Feb 8, 2021, 8:33 AM IST

Updated : Feb 8, 2021, 8:47 AM IST

ETV Bharat / state

মাৰ্ঘেৰিটাত 300 কংগ্ৰেছ কৰ্মীৰ বিজেপিত যোগদান

কংগ্ৰেছ দল ত্যাগ কৰি 300 ৰো অধিক লোকৰ বিজেপিত যোগদান ৷ মাৰ্ঘেৰিটাত অনুষ্ঠিত বিজেপিৰ পৃষ্ঠ প্ৰমুখ সন্মিলনত বিজেপিত যোগদান কৰে কংগ্ৰেছ কৰ্মী সকলে ৷ দেওবাৰে 124 নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিত অনুষ্ঠিত হৈছিল বিজেপিৰ বৰ্ধিত পৃষ্ঠ প্ৰমুখ সন্মিলন ৷

congress workers joined bjp in margherita
congress workers joined bjp in margherita

মাৰ্ঘেৰিটা, 8 ফেব্ৰুৱাৰী:সমাগত অসম বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ অসমতে অনুষ্ঠিত বিজেপিৰপৃষ্ঠ প্ৰমুখ সন্মিলনৰ অংশ হিচাপে দেওবাৰে 124 নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিতো বিজেপিৰ বৰ্ধিত পৃষ্ঠ প্ৰমুখ সন্মিলন অনুষ্ঠিত হয় ৷ সমষ্টিটোৰ উত্তৰ মাৰ্ঘেৰিটা ৰঙ্গমঞ্চত বিজেপিৰ পৃষ্ঠ প্ৰমুখ সন্মিলন খন অনুষ্ঠিত হয় ৷

দেওবাৰে মাৰ্ঘেৰিটাত অনুষ্ঠিত পৃষ্ঠ প্ৰমুখ সন্মিলনত প্ৰায় 300 কংগ্ৰেছ কৰ্মীয়ে দল ত্যাগ কৰি বিজেপি দলত যোগদান কৰে ৷ সভাত উপস্থিত দলীয় নেতৃবৰ্গই জানিবলৈ দিয়ে যে সমষ্টিটোত বিজেপিৰ বৰ্ধিত উত্থান আৰু জনমুখী কৰ্মৰাজিৰ প্ৰতি আকৃষ্ট হৈ কংগ্ৰেছ দল ত্যাগ কৰি 300 লোকে সভাখনতে বিজেপি দলত আনুষ্ঠানিকভাৱে যোগদান কৰি দলৰ ভেটি অধিক শক্তিশালী কৰাত সহযোগ কৰে ৷

প্ৰায় 3000 বিজেপি নেতৃবৃন্দৰ উপস্থিতিত অনুষ্ঠিত সন্মিলনখনিত স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাৰ লগতে অৰুনজ্যোতি মৰান,সুভাষ দত্তৰ আৰু কেইবাগৰাকী জ্যেষ্ঠ নেতা উপস্থিত থাকে ৷ সভাত উপস্থিত থাকি স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাই বিগত সময়ছোৱাত নিজ সমষ্টিৰ সৰ্বাংগীণ উন্নয়নৰ অৰ্থে কৰি অহা কৰ্মৰাজিৰ এক বিশ্লেষণ দাঙি ধৰে ।

ৰাজ্যিক বিজেপিৰ মুখপত্ৰ সুভাষ দত্তইও মাৰ্ঘেৰিটাত কংগ্ৰেছৰ পোন্ধৰ বছৰীয়া শাসন আৰু বিজেপিৰ মাত্ৰ পাঁচ বছৰীয়া শাসন কালত হোৱা উন্নয়নৰ এক তুলনামূলক বিশ্লেষণ দাঙি ধৰে ৷

লগতে পঢ়ক:টিকটৰ বিড়ম্বনা: বিমোৰত পৰিছে দুই বিজেপি মন্ত্ৰী

Last Updated : Feb 8, 2021, 8:47 AM IST

ABOUT THE AUTHOR

...view details