অসম

assam

ETV Bharat / state

5th District Commissioners Conference: তিনিচুকীয়াত মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিলে নৱনিৰ্মিত কনভেনচন চেন্টাৰ - tinsukia convention centre

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কনভেনচন চেন্টাৰৰ ফিটা কটাৰ পাচতে আৰম্ভ হয় পঞ্চম জিলা উপায়ুক্তৰ সন্মিলনৰ দ্বিতীয় দিনৰ কাৰ্যসূচী ৷ তিনিচুকীয়াত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে পঞ্চম জিলা উপায়ুক্তৰ সন্মিলন (5th District Commissioners Conference) ৷

three days 5th District Commissioners Conference in Tinsukia
তিনিচুকীয়াত পঞ্চম জিলা উপায়ুক্তৰ সন্মিলন

By

Published : May 16, 2023, 9:53 PM IST

তিনিচুকীয়াত পঞ্চম জিলা উপায়ুক্তৰ সন্মিলন

তিনিচুকীয়া, ১৬ মে’: তিনিচুকীয়া জিলাত আৰম্ভ হৈছে পঞ্চম সংখ্যক জিলা উপায়ুক্তৰ সন্মিলন ৷ তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে এই সন্মিলন ৷ আজি দ্বিতীয় দিনাৰ কাৰ্যসূচী হিচাপে পুৱাই তিনিচুকীয়াৰ গেলাপুখুৰীৰ বাইপাছৰ কাষত ১৬ কোটি টকাৰ ব্যয় সাপেক্ষে নতুনকৈ নিৰ্মাণ কৰা কনভেনচন চেণ্টাৰটো ফিটা কাটি উদ্বোধন কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (convention centre Tinsukia ) ৷ কনভেনচন চেন্টাৰটো উদ্বোধন কৰাৰ পাচতে ৰাজ্যৰ ৩১খন জিলাৰ উপায়ুক্তৰ উপস্থিতিত অনুষ্ঠিত হয় পঞ্চম জিলা উপায়ুক্ত সন্মিলন (District Commissioners Conference) ৷

কনভেনচন চেন্টাৰটো উদ্বোধন কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয় যে, কালি অনুষ্ঠিত হোৱা সমীক্ষা বৈঠকত জিলা উপায়ুক্তসকলে নিজ নিজ জিলাৰ পৰা উপস্থাপন কৰা বিষয়সমূহৰ পৰা প্ৰস্তুত কৰা প্ৰতিবেদনৰ সন্দৰ্ভত আজি আগবেলা জিলা উপায়ুক্ত সন্মিলনত পুংখানুপুংখভাৱে আলোচনা কৰাৰ লগতে পাছবেলা জিলা উপায়ুক্ত কাৰ্যালয়সমূহ সমষ্টি পৰ্যায়লৈ লৈ যাবলৈ চলোৱা প্ৰস্তুতিৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণভাৱে প্ৰতিটো দিশ চালিজাৰি চোৱা হ’ব ৷ এই সন্দৰ্ভত প্ৰস্তুত কৰা ৰূপৰেখাৰ সংশোধনৰ ওপৰতো আলোচনা হ’ব (5th District Commissioners Conference) ৷

সমান্তৰালভাৱে কাইলৈ বুধবাৰে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ ১২ খন বিশেষ আঁচনিৰ ৰূপায়ণৰ ওপৰত সকলো দিশ সাঙুৰি আলোচনা কৰা হ’ব ৷ প্ৰত্যেক ছয় মাহৰ মূৰে মূৰে জিলা উপায়ুক্তৰ সন্মিলন অনুষ্ঠিত হ’ব আৰু পৰৱৰ্তী জিলা উপায়ুক্ত সন্মিলনখন উত্তৰ লক্ষীমপুৰত অনুষ্ঠিত হ’ব ৷ ঠিক তেনেদৰেই জুন মাহত বঙাইগাঁৱত অনুষ্ঠিত হ’ব আগন্তুক আৰক্ষী অধীক্ষকৰ বৈঠক আৰু তাৰ পাছতে গুৱাহাটীত এদিন জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ সৈতে এখন যৌথ বৈঠক অনুষ্ঠিত কৰা হ’ব ৷

প্ৰশাসন আৰু আৰক্ষী বিভাগত যাতে ছয়মাহৰ কাৰণে কিছু টাৰ্গেট ৰাখি কাম কৰিব পাৰে তাৰ বাবেই তিনিচুকীয়াত আহি সকলো উপস্থিত হোৱাৰ কথাও সদৰি কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ লগতে তেওঁ কয় যে, জিলা উপায়ুক্তৰ সন্মিলনৰ লগত সংগতি ৰাখি এটা আটকধুনীয়া কনভেনচন চেন্টাৰ উপহাৰ দিয়া হৈছে জিলাখনলৈ (5th District Commissioners Conference in Tinsukia) ।

চাৰিগৰাকী মুখ্য অতিথিসহ আন চাৰিগৰাকীকৈ লোক থাকিব পৰা সুবিধাৰ লগতে সভাগৃহ, পাকঘৰৰ লগতে সকলো উপলব্ধ এই কনভেনচন চেন্টাৰটোত ৷ কনভেনচন চেন্টাৰটোত ৰাজ্যৰ ৩১ গৰাকী জিলা উপায়ুক্ত উপস্থিত হোৱাৰ লগতে উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰণজিৎ দাস, পৰ্যটন বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, বিত্ত মন্ত্ৰী অজন্তা নেওগ, শ্ৰম মন্ত্ৰী সঞ্জয় কিষান, শিক্ষামন্ত্ৰী ৰণোজ পেগু, সাংস্কৃতিক মন্ত্ৰী বিমল বৰা, স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত, কৃষিমন্ত্ৰী অতুল বৰাৰ, আবকাৰী বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য, ৰাজহ আৰু দুয্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহনৰ লগতে কেইবাগৰাকীও কেবিনেট মন্ত্ৰী (three days 5th District Commissioners Conference) ৷

ইতিমধ্যে সোমবাৰে প্ৰথম দিনৰ কাৰ্যসূচী হিচাপে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত মুঠ পাঁচখন বৈঠক অনুষ্টিত হয় জিলা উপায়ুক্ত সকলৰ ৷ তাৰেই দুখন ডিগবৈত, এখন দুলীয়াজানত আৰু আন দুখন ডিব্ৰুগড়ত অনুষ্ঠিত হয় (District Commissioners Conference in Tinsukia) ৷

লগতে পঢ়়ক :Congress to choose Karnataka CM : আজি ঘোষণা হ'ব কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ নাম

ABOUT THE AUTHOR

...view details