অসম

assam

By

Published : Aug 13, 2019, 2:27 PM IST

ETV Bharat / state

ৰূপাই চাহ বাগিচাত দুৰ্বৃত্তই কাটিলে চাহ গছ

কেঁচাপাত চুৰি কৰিবলৈ আহি দুৰ্বৃত্তই কাটি তহিলং কৰে ৰূপাই চাহ বাগিচাৰ প্ৰায় 150 জোপা চাহ গছ ৷ বাগিচাৰ চকীদাৰকো চোকা অস্ত্ৰৰে আক্ৰমণৰ চেষ্টা দুৰ্বৃত্তৰ ৷

দুৰ্বৃত্তই কাটিলে চাহ গছ

ডুমডুমা, আগষ্ট 13 : ডুমডুমাৰ ৰূপাই চাহ বাগিচাত নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ কেঁচাপাত চুৰি কৰিবলৈ আহি দুৰ্বৃত্তই কাটি তহিলং কৰে বাগিচাখনৰ প্ৰায় 150 জোপা চাহ গছ ৷ প্ৰাপ্ত তথ্য অনুসৰি সোমবাৰে নিশা ডুমডুমা চাহ বাগিচাৰ সমীপৰ কৰজঙা, কেৰাণী, ভটিয়ামখাল আদি অঞ্চলৰ প্ৰায় 50-60 জনীয়া এটা দুৰ্বৃত্তৰ দলে কেঁচাপাত চুৰি কৰাৰ উদ্দেশ্যে বাগিচাত প্ৰৱেশ কৰে ৷ কিন্তু বাগিচাৰ চোৱা-চিতাৰ দায়িত্বত থকা চকীদাৰৰ সৈতে মুখামুখি হোৱাত হাতে হাতে চোকা অস্ত্ৰ লৈ চকীদাৰ কেইজনক আক্ৰমণ কৰিবলৈ উদ্যত হয় দুৰ্বৃত্ত কেইটা ৷ প্ৰাণৰ মমতাত চকীদাৰ কেইজনে কোনোমতে সেই স্থান ত্যাগ কৰি স্থানীয় বাঘজান আৰক্ষীক খবৰ দিয়ে ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাৰ উমান পাই দুৰ্বৃত্তৰ দলটো পলাই যায় যদিও কাটি থৈ যায় বাগানখনৰ 1 নং চেকচনৰ প্ৰায় 150 জোপা চাহ গছৰ লগতে কেইবাজোপাও শিৰিষ গছ ৷

দুৰ্বৃত্তই কাটিলে চাহ গছ

এই ঘটনাৰ খবৰ বিয়পি পৰাৰ লগে লগে উত্তেজিত হৈ বাগিচাৰ শ্ৰমিক সকল ৷ অৱশ্যে পৰৱৰ্তী সময়ত আটছা আৰু বাগিছা কৰ্তৃপক্ষৰ তৎপৰতাত পৰিস্থিতি কিছু শাম কাটে ৷ উল্লেখ্য যে, বিগত বহু বছৰৰ পৰা বাগিচাখনত কাষৰীয়া গাঁও কেইখনৰ পৰা বৃহৎ চোৰৰ দল প্ৰৱেশ কৰি দিনে নিশাই কেঁচা চাহ পাত চুৰি কৰি আহিছে। ইয়াৰ পূৰ্বে কৰ্তৃপক্ষই বাগিচাত নিয়োগ কৰা চকীদাৰ সকলক মাৰপিট আৰু চোকা অস্ত্ৰৰে আঘাত কৰা ঘটনাও সংঘটিত হৈ গৈছে ৷ আশ্চৰ্যজনক ভাৱে চোৰৰ দলটোৱে নিজকে খিলঞ্জীয়া আৰু বাগিচাখনৰ সম্পত্তিত তেওঁলোকৰো অধিকাৰ আছে বুলি দাবী তোলে ৷ ইয়াৰ লগতে পাত চুৰিত বাধা প্ৰদান কৰিলে তাৰ পৰিণাম ভয়ংকৰ হ'ব বুলিও ভাবুকি প্ৰদান কৰে ৷

ABOUT THE AUTHOR

...view details