তিনিচুকীয়া, ২৫ ছেপ্টেম্বৰ :তিনিচুকীয়াৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ অসামৰিক চিকিৎসালয়ত অব্য়াহত আছে চোৰৰ টিঘিলঘিলনী ৷ সুবিধা পালেই চোৰে ৰোগী কিম্বা ৰোগীৰ লগত থকা অভিভাৱকৰ পৰা চুৰি কৰি নিয়ে ম’বাইলৰ লগতে টকাৰ বেগ ৷ চিকিৎসালয়খনত এই অভিযোগ দীৰ্ঘদিনীয়া যদিও শেহতীয়াকৈ ২২ ছেপ্টেম্বৰৰ পুৱা এগৰাকী ৰোগীৰ অভিভাৱকৰ এটা ম’বাইল চুৰি হোৱাৰ পাচতে পোহৰলৈ আহিছে সমগ্ৰ ঘটনা ৷
বৰলাইপুলিৰ কৰুণাকান্ত বুঢ়াগোহাঁই নামৰ লোকজনৰ ৰঙা ৰঙৰ অপ’ ম’বাইলটো প্ৰসূতি বিভাগৰ বিল্ডিঙৰ বেবি আই চি ইউ কোঠাৰ সন্মুখৰ পৰা ২২ ছেপ্টেম্বৰত পুৱা ৬.২২ বজাত চুৰি কৰি নিয়ে এটা চোৰে ৷ এই সন্দৰ্ভত অভিযোগকাৰী বুঢ়াগোহাঁই জানিব দিয়া অনুসৰি, কেঁচুৱাটো আই চি ইউ ত থকাৰ বাবে ওৰে নিশা তেওঁ উজাগৰে থাকে ৷ সেয়ে পুৱা হঠাৎ অকণমান টোপনি অহাৰ সময়তে ম’বাইলটো চুৰি কৰি উধাও হয় কোনো চোৰ ৷
পৰৱৰ্তী সময়ত তিনিচুকীয়া সদৰ আৰক্ষী থানাত এই সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰা হয় যদিও এতিয়াও কৰুণাকান্ত বুঢ়াগোহাঁয়ে লাভ কৰা নাই হেৰুৱা ম’বাইলটো ৷