অসম

assam

ETV Bharat / state

ন দিহিং নদীৰ পানীয়ে উটুৱাই নিলে জুবিন গাৰ্গ সেতু - জুবিন গাৰ্গ সেতু

তিনিচুকীয়া জিলাৰ কাকপথাৰৰ সীমান্ত টেঙাপানী আৰু থেপাবাৰী বাসী ৰাইজে গাঁঠিৰ ধন ভাঙি নিৰ্মাণ কৰি উলিয়াইছিল দলংখন ৷অসমৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ নামেৰে নামাকৰণ কৰা দলঙখন ন দিহিং নদীৰ পানীয়ে উটুৱাই নিয়াৰ ফলত এতিয়া চৰম বিপদত পৰিছে সীমান্ত টেঙাপানী গাঁৱৰ ৰাইজ ৷

The Zubeen Garg Bridge destroy by Na Dihing river
ন দিহিং নদীৰ পানীয়ে উটুৱাই নিলে জুবিন গাৰ্গ সেতু

By

Published : May 26, 2020, 7:26 PM IST

শদিয়া,26মে': ৰাজ্যত জেঠ মাহৰ প্ৰথম বাৰিষাতে ন দিহিং নদীৰ পানীয়ে উটুৱাই নিলে জুবিন গাৰ্গ সেতু ৷ তিনিচুকীয়া জিলাৰ কাকপথাৰৰ সীমান্ত টেঙাপানী আৰু থেপাবাৰী বাসী ৰাইজে গাঁঠিৰ ধন ভাঙি নিৰ্মাণ কৰি উলিয়াইছিল দলংখন ৷অসমৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ নামেৰে নামাকৰণ কৰা দলঙখন ন দিহিং নদীৰ পানীয়ে উটুৱাই নিয়াৰ ফলত এতিয়া চৰম বিপদত পৰিছে সীমান্ত টেঙাপানী গাঁৱৰ ৰাইজ ৷ যাৰ পৰিপ্ৰেক্ষিতত এতিয়া বিশ্বৰ লগত বিছিন্ন হোৱা গাওঁখনৰ ১২০টা পৰিয়ালক সকাহ দিবলৈ গাঁওবাসীয়ে চৰকাৰক উটুৱাই নিয়া দলংখন পকীকৰণেৰে নিৰ্মাণ কৰি দিবলৈ অনুৰোধ জনোৱাৰ লগতে বৰ্তমান সময়ত জল পথেৰে যাতায়তৰ বাবে এখন নাৱৰ ব্যৱস্থা কৰি দিবলৈ আহ্বান জনাইছে ৷ এতিয়া ৰাইজে নিজৰ গাঁঠিৰ ধন ভাঙি নিৰ্মাণ কৰা 490 মিটাৰ দৈৰ্ঘ্যৰ জুবিন গাৰ্গ সেতু উটুৱাই নিয়াৰ পিছত গাঁওবাসীৰ এই সংকটৰ সময়ত চৰকাৰে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব সেইয়া লক্ষণীয় হ'ব ৷

ন দিহিং নদীৰ পানীয়ে উটুৱাই নিলে জুবিন গাৰ্গ সেতু

ABOUT THE AUTHOR

...view details