অসম

assam

ETV Bharat / state

অইল ইণ্ডিয়াৰ বিৰুদ্ধে তিনিচুকীয়াত কৃষকৰ একক প্ৰতিবাদ

তিনিচুকীয়াত কৃষকৰ একক প্ৰতিবাদ ৷ অইল ইণ্ডিয়াৰ বিৰুদ্ধে সাব্যস্ত কৰিলে প্ৰতিবাদ ৷ ক্ষতিপূৰণৰ দাবী কৃষক গৰাকীৰ ৷

By

Published : Oct 6, 2020, 8:32 PM IST

The only protest of the farmers in Tinsukia, Against Oil India Limited
অইল ইণ্ডিয়াৰ বিৰুদ্ধে তিনিচুকীয়াত কৃষকৰ একক প্ৰতিবাদ

তিনিচুকীয়া, 6 অক্টোবৰ :মঙলবাৰে তিনিচুকীয়াতঅইল ইণ্ডিয়াৰ বৈষম্য আৰু বঞ্চনাৰ প্ৰতিবাদত এজন খেতিয়কে এককভাৱে অনশন কাৰ্যসূচী ৰূপায়ন কৰে ৷ তিনিচুকীয়া জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অনশন কাৰ্যসূচী ৰূপায়ন কৰে খেতিয়ক গৰাকীয়ে ৷

প্ৰতিবাদী কৃষকৰ মন্তব্য

কৃষক গৰাকীৰ অভিযোগ অনুসৰি, বিগত প্ৰায় 131 টা দিনে জ্বলি আছে অভিশপ্ত বাঘজান BGR 5 নং তৈলখাদ । কিন্তু ক্ষতিগ্ৰস্ত ৰাইজক অইল ইণ্ডিয়া লিমিটেডে প্ৰতিশ্ৰুতিৰ ওপৰত প্ৰতিশ্ৰুতি হে প্ৰদান কৰিছে । বাঘজানবাসী ৰাইজৰ খেতিয়ক সকলৰ বাবে কোনো ধৰণৰ ক্ষতিপূৰণ প্ৰদান কৰা নাই অইল ইণ্ডিয়া কোম্পানীয়ে ।

অইল ইণ্ডিয়াৰ বিৰুদ্ধে তিনিচুকীয়াত কৃষকৰ একক প্ৰতিবাদ

যেতিয়ালৈকে 'অইল ইণ্ডিয়া' কোম্পানীয়ে খেতি পথাৰ নষ্ট হোৱা খেতিয়ক সকলক উপযুক্ত ক্ষতিপূৰণ নিদিব তেতিয়ালৈকে এই অনশন কাৰ্যসূচী অব্যাহত থাকিব বুলি জনাই কৃষক ধমেন মৰাণে ।

লগতে পঢ়ক :কুকি উগ্ৰপন্থী সংগঠনৰ সেনাধ্যক্ষ মাৰ্টিন গুইটে নিহত

ABOUT THE AUTHOR

...view details