অসম

assam

ETV Bharat / state

প্ৰাপ্য বিচাৰি শ্বহীদ হ’ল ৰেৱতী পাউ - 55 বছৰীয়া ৰেৱতী পাউ

বিগত কিছুদিন ধৰি অব্যাহত আছে লাইকা দধিয়াবাসীৰ প্ৰতিবাদ ৷ লাইকা দধিয়াবাসীয়ে পুনৰ সংস্থাপন বিচৰা প্ৰতিবাদত শ্বহীদ হ'ল ৰেৱতী পাউ। ৰেৱতী পাউৰ মৃত্যুত এতিয়া শোক প্ৰকাশ কৰিছে লাইকা দধিয়াবাসী ৰাইজে।

প্ৰাপ্য বিচাৰি শ্বহীদ হ’ল  ৰেৱতী পাউ
প্ৰাপ্য বিচাৰি শ্বহীদ হ’ল ৰেৱতী পাউ

By

Published : Dec 30, 2020, 11:12 AM IST

Updated : Dec 31, 2020, 3:50 PM IST

তিনিচুকীয়া, 30 ডিচেম্বৰ : 10 দিনে ধাৰাবাহিক ভাৱে পুহ মাহৰ ঠাণ্ডাত প্ৰতিবাদ কৰি মঙলবাৰে নিশা এগৰাকী 55 বছৰীয়া মহিলা প্ৰতিবাদকাৰীৰ মৃত্যু হয় ৷ উল্লেখযোগ্য যে, লাইকা দধিয়াবাসীয়ে পুনৰ সংস্থাপন বিচৰি কৰা প্ৰতিবাদত শ্বহীদ হ'ল ৰেৱতী পাউ নামৰ এগৰাকী মহিলা ।
তিনিচুকীয়াৰ বৰগুৰিত TMPK,MMK,TMMK তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত বৃহত্তৰ লাইকা-দধিয়াবাসীয়ে নিজৰ পুনৰ সংস্থাপন বিচাৰি আৰু ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ দাবীত যোৱা ২০ তাৰিখৰ পৰা কৰি অহা অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘট প্ৰতিবাদী কাৰ্যসূচীয়ে আজি অতিক্ৰম কৰিলে 10টা দিন ।

প্ৰাপ্য বিচাৰি শ্বহীদ হ’ল ৰেৱতী পাউ

কিন্তু চৰকাৰ-প্ৰশাসনৰ কোনো ধৰণৰ সঁহাৰি পোৱা নাই লাইকা-দধিয়াবাসী মিচিং সম্প্ৰদায়ৰ ৰাইজে । পুহ মাহৰ জাৰকো নেওচি কণ-কণ শিশুক কোলাত লৈ যমৰ যান্তনাৰে দিন-ৰাতি কটাইছে লাইকা-দধিয়াবাসী ৰাইজে । ইপিনে 10 দিনে পুহ মাহৰ ঠাণ্ডাত প্ৰতিবাদ কৰি,অৱশেষত ঠাণ্ডা সহিব নোৱাৰি ঘৰলৈ উভতি যোৱাৰ পথত 55 বছৰীয়া এগৰাকী প্ৰতিবাদকাৰী মহিলাৰ মঙলবাৰে নিশা মৃত্যু হয় ৷ লগতে আৰু দুগৰাকী শাৰীৰিকভাৱে অসুস্থ হৈ পৰে। তেওঁলোকক তাৎক্ষণিকভাৱে তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।
উল্লেখযোগ্য যে প্ৰায় ১৪ ৰ পৰা ৮০ টা পৰিয়ালে নিজৰ‌ জীয়াই থকাৰ অধিকাৰ আৰু বসবাস কৰিবলৈ এডোখৰ মাটিৰ লগতে ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানক প্ৰকৃত ৰাষ্ট্ৰীয় উদ্যান হিচাপে সংৰক্ষণ কৰাৰ দাবীত এক যমৰ যান্ত্ৰণাত দিন ৰাতি কটাবলগীয়া হৈছে স্থানীয় ৰাইজ । অসমৰ খিলঞ্জীয়াৰেই যদি এই অৱস্থা হয় তেন্তে পৰৱৰ্তী সময়ত জাতি মাটি ভেটিৰ কথা কোৱা বিজেপি নেতৃত্বাধীন চৰকাৰখনে কেনেকৈ জাতি মাটি ভেটি সুৰক্ষা কৰিব সেয়াহে লক্ষণীয় হ'ব ।
লগতে পঢ়ক:কা আন্দোলনৰ মাজতে ডিব্ৰুগড়ত আছু

Last Updated : Dec 31, 2020, 3:50 PM IST

ABOUT THE AUTHOR

...view details