তিনিচুকীয়া, 25 অক্টোবৰ :বাঘজানৰ জুই নিৰ্বাপন কৰিবলৈ পুনৰ বিদেশী প্ৰতিষ্ঠানক দায়িত্ব কৰ্তৃপক্ষৰ ৷ কানাডাৰ এলবাৰ্টাৰ পিষ্টন ৱেল ছাৰ্ভিচেজৰ দলক দায়িত্ব অৰ্পনকৰ্তৃপক্ষৰ ৷ অগ্নি নিৰ্বাপন কৰিবলৈ প্ৰতিষ্ঠানটোৱে এন্টন’ভ ম্ৰিয়া বিমানত অনা হৈছে 59 হাজাৰ কিলোগ্ৰামৰ যন্ত্ৰপাতি । অসমত অৱতৰণ কৰাৰ সুবিধা নথকাৰ বাবে সৰ্ববৃহত্কাৰ্গ’ বিমান এন্টন’ভ ম্ৰিয়াৰ বিমানখন কলিকতাত অৱতৰণ কৰিছে ৷
উল্লেখ্য যে, বাঘজানৰ 5 নং তৈল খাদৰ জুই 27 মে'ৰ পৰা আজি পৰ্যন্ত 152 দিন ধৰি জ্বলি আছে ।জুই নিৰ্বাপন কৰিবলৈ অহৰহ চেষ্টা চলাইছে যদিও বাৰে বাৰে ব্যৰ্থ হৈছে অইল ইণ্ডিয়া লিমিটেডে । অৱশেষত জুই নিৰ্বাপন কৰিবলৈ কানাডাৰ পৰা অনা হ'ল বৃহৎ কাৰ্গ’ বিমান এন্টন’ভ (AN124) ।