তিনিচুকীয়া, ৭ মাৰ্চঃ টেট উত্তীৰ্ণ শিক্ষক সকলৰ অভিযোগ সকলো শিক্ষাগত আৰু বৃত্তিগত অৰ্হতা আৰু অভিজ্ঞতা থকাৰ পাছতো শিক্ষক সকলক নিয়মীয়াকৰণ কৰাৰ কোনো ব্যৱস্থা ৰাজ্যৰ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰে বৰ্তমানলৈকে হাতত লোৱা নাই | ৰাজ্য চৰকাৰৰ প্ৰতিশ্ৰুতি মতে টেট উত্তীৰ্ণ শিক্ষক সকলৰ চাকৰি বিনা চৰ্তে নিয়মীয়াকৰণ কৰা, টেট উত্তীৰ্ণ শিক্ষক সকলক নিয়মীয়া শিক্ষক সকলৰ দৰে বৰ্দ্ধিত হাৰত গ্ৰেড পে প্ৰদান, সপ্তম দৰমহা আয়োগৰ বাকেয়া ধন প্ৰদান, "শিশু যত্নৰ চুটী"ৰ সুবিধা প্ৰদান আদি বিভিন্ন দাবীৰে সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সন্থাই প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰীয়ে তিনিচুকীয়া জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত প্ৰদৰ্শন কৰে ধৰ্ণা কাৰ্যসূচী ।
তিনিচুকীয়াত টেট শিক্ষকৰ প্ৰতিবাদ - সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক
বৃহস্পতিবাৰে সমগ্ৰ ৰাজ্যৰ লগতে তিনিচুকীয়াটো সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষকৰ উত্তাল প্ৰতিবাদ
তিনিচুকীয়াত টেট শিক্ষকৰ প্ৰতিবাদ
ইপিনে ৰাজ্য চৰকাৰে এই দাবীসমূহ অতিশীঘ্ৰে পূৰণ নকৰিলে অনাগত দিনত অধিক তীব্ৰতৰ আন্দোলন কৰাৰো হুংকাৰ প্ৰদান কৰে টেট উত্তীৰ্ণ শিক্ষক সকলে ।