তিনিচুকীয়া, ৯ মে': তিনিচুকীয়াৰ ফিল'বাৰীত বৃহস্পতিবাৰে সন্ত্ৰাসৰ কাৰণ হৈ পৰিল এটা ঘৰচীয়া হাতী । ঘৰচীয়া হাতীটোৱে সন্ত্ৰাস চলাই ফিল'বাৰীৰ পদুমপথাৰ গাঁৱৰ পিতৰুচ কুজুৰ নামৰ লোকজনৰ ঘৰৰ পাঁচখনকৈ দুৱাৰ-খিৰিকীৰ লগতে ভাঙি দিয়ে এটা পকী ঘৰ ।
বনৰীয়া নহয়, এইবাৰ সন্ত্ৰাসৰ কাৰণ ঘৰচীয়া হাতী - ঘৰচীয়া হাতী
বন্যহস্তী নহয়, এইবাৰ পোহনীয়া হাতীৰ সন্ত্ৰাস ৷ ঘৰচীয়া হাতীয়ে লণ্ডভণ্ড কৰিলে ঘৰ-দুৱাৰ ৷ তিনিচুকীয়াৰ ফিল'বাৰীত এই ঘটনা ৷
বনৰীয়া নহয় এইবাৰ সন্ত্ৰাসৰ কাৰণ ঘৰচীয়া হাতী
জানিব পৰামতে, কাঁচিজানৰ সুচিল মৰাণ নামৰ লোকজনৰ এই পোহনীয়া হাতীটো । হাতীটোৰ এনে আচৰণে এতিয়া গাঁৱখনত সৃষ্টি কৰিছে তীব্ৰ সন্ত্ৰাসৰ ।