ডুমডুমা,8 আগষ্টঃ বৃহস্পতিবাৰে চাহনগৰী ডুমডুমাৰ বাঘজান চাহ বাগিচাত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ ৷ অইল ইণ্ডিয়া লিমিটেডে বাগিচাৰ ৩৩ বিঘা ভূমি অধিগ্ৰহণ কৰাৰ বিৰুদ্ধে সৰৱ হৈ উঠে চাহ শ্ৰমিকসকল ৷ বাগিচাখনৰ কাম বন্ধ কৰি সহস্ৰাধিক শ্ৰমিকে বাঘজান চাহ বাগিচাত ৰূপায়ণ কৰে অৱস্থান ধৰ্মঘট ৷ পৰৱর্তী সময়ত প্ৰতিবাদী শ্ৰমিকসকলে বাঘজান আৰক্ষী থানালৈ গৈ থানাৰ সন্মুখত প্ৰশাসন আৰু অইল কৰ্তৃপক্ষৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ জনাই "আৰক্ষী প্ৰশাসন মুর্দাবাদ,অইল ইণ্ডিয়া গ'বেক,আদি শ্ল'গানেৰে উত্তাল পৰিৱেশ কৰি তোলে ৷
ডুমডুমাৰ বাঘজান চাহ বাগিচাত উত্তপ্ত পৰিস্থিতি - বাঘজান চাহ বাগিচা
অইল ইণ্ডিয়া লিমিটেডে বাগিচাৰ ৩৩ বিঘা ভূমি অধিগ্ৰহণ কৰাৰ বিৰোধিতাৰে সৰৱ হৈ উঠিছে চাহ শ্ৰমিক
ডুমডুমাৰ বাঘজান চাহ বাগিচাত উত্তপ্ত পৰিস্থিতি
শ্ৰমিকসকলৰ এই প্ৰতিবাদত চাহ মজদুৰ সংঘ,আটছা,আছা আদি সংগঠনেও সহযোগ কৰে। অভিযোগ অনুসৰি, প্ৰশাসন আৰু অইল কৰ্তৃপক্ষই চাহ শ্ৰমিকৰ সৈতে কোনো ধৰণৰ আলোচনা নকৰাকৈ ভয়-ভাবুকিৰে বাগিচাৰ ভূমি অধিগ্ৰহণ কৰিব বিচাৰাত বাগিচাখনৰ শ্ৰমিক ক্ষুব্ধ হৈ ৰূপায়ণ কৰে এই প্ৰতিবাদী কাৰ্যসূচী ৷ লক্ষণীয়ভাৱে বাগিচাখনৰ পৰিচালক আৰু বাঘজান থানাৰ আৰক্ষী বিষয়াই এই সন্দৰ্ভত কোনো ধৰণৰ মন্তব্য দিয়াৰ পৰা বিৰত থাকে ।