শদিয়া, 23 জুলাই : কাকপথাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত (Kakopothar Primary Health Center) চিকিৎসকৰ গুৰুত্বহীনতা তথা চিকিৎসাৰ কৰ্মীৰ গাফিলতিৰ বাবে এজন ব্যক্তিৰ মৃত্যু হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ ডিৰাক চাৰিআলিৰ নালিয়া শইকীয়া(35) নামৰ ব্যক্তিগৰাকীক পেটৰ অসুখৰ বাবে কাকপথাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছিল ৷ পৰিয়ালৰ অভিযোগ অনুসৰি স্বাস্থ্য কেন্দ্ৰত ৰোগী গৰাকীক ভৰ্তি কৰোৱা হয় যদিও চিকিৎসক আৰু স্বাস্থ্যৰ কৰ্মীৰ গুৰুত্ব লাভ নকৰে ৷
কৰ্তব্যৰত চিকিৎসক অমন উপাধ্যায়ে ব্যক্তিজনৰ স্বাস্থ্য পৰীক্ষা কৰি উন্নত চিকিৎসাৰ বাবে পৰামৰ্শ দিয়ে ৷ কিন্তু ক'ভিড পৰীক্ষা নকৰাৰ বাবেই পৰিয়ালবৰ্গই উন্নত চিকিৎসৰ বাবে অন্য ঠাইলৈ নিব নোৱাৰিলে ব্যক্তিজনক ৷ পৰিয়াললোকে সদৰি কৰা মতে পুৱা ৬.৩০ বজাৰ পৰা প্ৰায় ৯.৩০লৈকে ব্যক্তিগৰাকীৰ ক'ভিড পৰীক্ষা বাবে অপেক্ষা কৰিবলগীয়া হয় ৷