অসমৰ শক্তি খণ্ডৰ অস্থায়ী বিদ্যুৎ কৰ্মচাৰী সকলৰ বৃহৎ যৌথ মঞ্চৰ প্ৰতিবাদ তিনিচুকীয়া,২০ ডিচেম্বৰ:প্ৰতিবাদত উত্তাল হ'ল তিনিচুকীয়া চহৰ(Strike in Tinsukia) । অসমৰ শক্তি খণ্ডৰ অস্থায়ী বিদ্যুৎ কৰ্মচাৰী সকলৰ বৃহৎ যৌথ মঞ্চই (Assam State Outsource Power Workers union) সোমবাৰে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ । অসমৰ শক্তি খণ্ডৰ অস্থায়ী বিদ্যুৎ কৰ্মচাৰী সকলৰ বৃহৎ যৌথ মঞ্চই শক্তি খণ্ডত নিয়োজিত অস্থায়ী কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণকে আদি কৰি 11 দফীয়া দাবীৰে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ (Outsource power workers union protest in Tinsukia) ।
অস্থায়ী বিদ্যুৎ কৰ্মচাৰী সকলৰ বৃহৎ যৌথ মঞ্চই এই দাবীসমূহ লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী, শক্তিমন্ত্ৰীৰ লগতে শক্তি বিভাগৰ অধক্ষ্যকো আবেদন-নিবেদন কৰি আহিছে । কিন্তু ইয়াৰ পাছতো শক্তি খণ্ডৰ অস্থায়ী কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণৰ বিষয়ত কোনো ধৰণৰ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ নকৰি অস্থায়ী কৰ্মীক এলাগী কৰি অহাৰ অভিযোগ উত্থাপন হৈ আহিছে ।
ইয়াৰ মাজতে নতুন নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰিব বিচৰাৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ শক্তি খণ্ডৰ তিনিওটা কোম্পানীৰ অস্থায়ী কৰ্মচাৰীয়ে সোমবাৰে তিনিচুকীয়াৰ থাৰ্মেলত ৰূপায়ণ কৰে এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ।
নির্যাতন, শোষণ আৰু অন্যায়ৰ বলি হোৱা শক্তি খণ্ডৰ এই কৰ্মজীৱী লোকসকলৰ একাংশই অতি ন্যূনতম মজুৰিত আৰু কোনোবাজনে বিনা বেতনেৰে বহু বছৰ ধৰি অস্থায়ী হিচাপে সেৱা আগবঢ়াই আহিছে । সেয়ে এই লোকসকলে অসম চৰকাৰ আৰু শক্তি বিভাগক প্ৰতিবাদস্থলীৰ পৰাই সংবাদ মাধ্যমৰ জৰিয়তে সকীয়াই দিয়ে যে, এতিয়াও যদি বিভাগে দাবীসমূহ আওকাণ কৰি নিজ ইচ্ছা মতে অস্থায়ী কর্মীক শোষণ চলাই থাকে তেন্তে পৰৱৰ্তী সময়ত Assam State Outsource Power Workers union য়ে গণতান্ত্রিকভাৱে ব্যাপক আন্দোলনৰ কাৰ্যসূচী হাতত ল’বলৈ বাধ্য হ’ব ।
বিভাগীয় মুখ্য কাৰ্যবাহী বিষয়ালৈ প্ৰেৰণ কৰা 11 দফীয়া দাবীসমূহ ক্ৰমে অস্থায়ী বিদ্যুৎ কৰ্মীৰ চাকৰি নিয়মীয়াকৰণৰ বিষয়টো গুৰুত্বসহকাৰে লৈ নিয়মীয়া কৰা, অসম চৰকাৰে ঘোষণা কৰা 5000 হাজাৰ পদত অস্থায়ী কৰ্মীক অগ্ৰাধিকাৰ দিয়াৰ ব্যৱস্থা কৰা, কোনো বাছনি পৰীক্ষা নোলোৱাকৈ Verification ৰ মাধ্যমেৰে অস্থায়ী কৰ্মীৰ চাকৰি নিয়মীয়াকৰণৰ ব্যৱস্থা কৰা, নিয়মীয়া কৰণ নোহোৱা পৰ্যন্ত সম কাম, সম মজুৰিৰ ব্যৱস্থা কৰা, বিভাগৰ হৈ কাম কৰি থকা অস্থায়ী কৰ্মীক Contractor ৰ অধীনত নিয়া বন্ধ কৰা ইত্যাদি ।
লগতে মঞ্চই অস্থায়ী কৰ্মীৰ প্ৰকৃত তালিকা প্ৰস্তুত কৰা, কৰ্মৰত অবস্থাত যিকোনো দুৰ্ঘটনাৰ ক্ষেত্ৰত আৰ্থিক সাহায্য, ক্ষতিপূৰণ প্ৰদান কৰাৰ লগতে পৰিয়ালৰ যিকোনো এজন সদস্যক সংস্থাপনৰ ব্যৱস্থা কৰা, অস্থায়ী কর্মীসকলক Insurance কৰাৰ ব্যৱস্থা কৰা, মিটাৰ ৰিডাৰ সকলক নিজৰ পৰিশ্ৰমিক নিজ নিজ একাউন্টত দিয়া আৰু ৰুল কাগজ বিভাগে বিনামূলীয়া কৰা, ৩৩/১১ কেভি নিয়ন্ত্রণ কক্ষ সমূহৰ ব্যক্তিগতকৰণ বন্ধ কৰা আৰু প্রচলিত শ্রম আইন অনুসৰি পাবলগীয়া সা-সুবিধা অস্থায়ী কর্মীসকলক দিয়াৰ ব্যৱস্থা কৰাৰ দাবী জনায় ।
লগতে পঢ়ক:Goods Distribution in Guwahati: অগ্নিকাণ্ডত সৰ্বোচ্চ হেৰুওৱা লোকৰ মাজত সমগ্ৰী বিতৰণ