অসম

assam

ETV Bharat / state

কেতিয়া হ’ব অস্থায়ী স্বাস্থ্যকৰ্মীৰ চাকৰিৰ নিয়মীয়াকৰণ ?

চৰকাৰী চিকিৎসালয়ত অস্থায়ী স্বাস্থ্য কৰ্মচাৰীসকলক শীঘ্ৰে চৰকাৰীকৰণ কৰাৰ এক দাবী উত্থাপন কৰি অস্থায়ী স্বাস্থ্য কৰ্মী সংস্থাই তিনিচুকীয়াত এখন সংবাদমেল সম্বোধন কৰে । ১০০০ টকাৰ পৰা ৪০০০ টকাৰে পৰিয়াল পোহপাল দি অহা এইসকল অস্থায়ী স্বাস্থ্যকৰ্মীয়ে দীৰ্ঘদিন ধৰি চাকৰি নিয়মীয়াকৰণৰ পৰা বঞ্চিত হৈ অহাৰ অভিযোগ উত্থাপন কৰিছে ৷

By

Published : Jul 12, 2021, 9:29 AM IST

temporary health worker demands permanent employment
কেতিয়া হ’ব অস্থায়ী স্বাস্থ্যকৰ্মীৰ চাকৰিৰ নিয়মীয়াকৰণ ?

তিনিচুকীয়া, 12 জুলাই :সমগ্ৰ ৰাজ্যতে অব্যাহত আছে ক'ৰণাৰ সন্ত্ৰাস ৷ এই ক'ৰণাৰ সৈতে যুঁজিবলৈ চৰকাৰী চিকিৎসক বা কৰ্মচাৰীসকলে দিন-ৰাতি একাকাৰ কৰি আহিছে ৷ সমান্তৰালভাৱে ক'ৰণা যুদ্ধখনৰ সৈতে অস্থায়ী স্বাস্থ্য কৰ্মচাৰীসকলে সমানে যুঁজ দিছে ৷ কিন্তু এই অস্থায়ী স্বাস্থ্য কৰ্মচাৰীসকলে বিগত ১৫ বছৰ ধৰি কোনো চৰকাৰীকৰণ নোহোৱাকৈ জনস্বাৰ্থৰ হকে সেৱা আগবঢ়াই আহিছে ।

কেইবাখনো চৰকাৰ আহিল আৰু গ’ল ৷ কিন্তু এইসকল কৰ্মচাৰীয়ে চৰকাৰীকৰণৰ নামত কেৱল প্ৰতিশ্ৰুতি ওপৰত প্ৰতিশ্ৰুতিহে লাভ কৰিলে । এনে পৰিস্থিতিত দেওবাৰে চৰকাৰী চিকিৎসালয় অস্থায়ী স্বাস্থ্যকৰ্মী সংস্থাই(Temporary health worker organisation) কেতবোৰ সমস্যা লৈ তিনিচুকীয়াৰ বিষ্ণু-জ্যোতি সংগীত মহাবিদ্যালয়ত এখন সংবাদমেল আয়োজন কৰে । এই সংবাদমেলত স্বাস্থ্যকৰ্মী সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি জীতেন দাস আৰু সম্পাদক দুৰ্গাধৰ ফুকন উপস্থিত থাকে ৷

এই সংবাদমেল যোগে ফুকনে কয়, অস্থায়ী স্বাস্থ্যকৰ্মীসকলে অতি নিম্নমানৰ মহিলী পাৰিশ্ৰমিক লৈ ৰাইজক স্বাস্থ্য সেৱা আগবঢ়াই আহিছে।

কেতিয়া হ’ব অস্থায়ী স্বাস্থ্যকৰ্মীৰ চাকৰিৰ নিয়মীয়াকৰণ ?

স্বাস্থ্যকৰ্মীসকলে প্ৰতি মাহে ১০০০ টকাৰ পৰা ৪০০০ টকাৰে পৰিয়াল পোহপাল দি আহিছে । চিকিৎসালয় পৰিচালনা সমিতিয়ে নিযুক্তি দিয়া অস্থায়ী স্বাস্থ্য কৰ্মীসকলৰ চাকৰি নিয়মীয়া কৰা, অস্বায়ী কৰ্মীসকলৰ স্বাস্থ্য বীমা, পৰিয়ালৰ বীমা, পি এফ, ইএছআই আদি প্ৰদানৰ ব্যৱস্থা কৰা, অস্বায়ী স্বাস্থ্য কৰ্মীসকলক চৰকাৰী আৱাসগৃহৰ সুবিধা দিয়া আদি দাবীও উত্থাপন কৰিছে সন্থাৰ সভাপতি-সম্পাদকে । সন্থাই অস্বায়ী স্বাস্থ্যকৰ্মীসকলৰ চাকৰি নিয়মীয়াকৰণৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ মন্ত্ৰী সঞ্জয় কিষাণ(minister Sanjay kishan) ৰ লগতে ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেন ফুকন, চাবুৱা সমষ্টিৰ বিধায়ক পোনাকণ বৰুৱা, শদিয়া সমষ্টিৰ বিধায়ক বলীন চেতিয়াক স্মাৰক পত্ৰ প্ৰদান কৰি বিষয়টো অৱগত কৰে ।

লগতে পঢ়ক :এইবাৰৰ পৰা Paperless হ’ব অসম বিধানসভা

ABOUT THE AUTHOR

...view details