অসম

assam

ETV Bharat / state

তিনিচুকীয়াত ৰাষ্ট্ৰীয় জনতা দলৰ সভাপতি তেজস্বী যাদবৰ নিৰ্বাচনী সভা

২২নং তিনিচুকীয়া বিধানসভাৰ সমষ্টিত ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু ৰাষ্ট্ৰীয় জনতা দলৰ মনোনীত প্ৰাৰ্থী হীৰা দেৱীৰ হৈ ৰাষ্ট্ৰীয় জনতা দলৰ সভাপতি তেজস্বী যাদৱে চলায় নিৰ্বাচনী প্ৰচাৰ ৷

By

Published : Mar 23, 2021, 12:27 PM IST

Updated : Mar 23, 2021, 12:33 PM IST

তিনিচুকীয়াত ৰাষ্ট্ৰীয় জনতা দলৰ সভাপতি তেজশ্ৰী যাদবৰ নিৰ্বাচনী সভা
তিনিচুকীয়াত ৰাষ্ট্ৰীয় জনতা দলৰ সভাপতি তেজশ্ৰী যাদবৰ নিৰ্বাচনী সভা

তিনিচুকীয়া, 23মাৰ্চ:ৰাজ্যত নিৰ্বাচনী ঢৌ তুংগত উঠিছে ৷ সমষ্টিয়ে সমষ্টিয়ে কেৱল হাই প্ৰফাইল নেতাই বজাইছে নিৰ্বাচনী ৰণ ডংকা ৷ সোমবাৰে তিনিচুকীয়া জিলাৰ ১২২নং তিনিচুকীয়া বিধানসভাৰ সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু ৰাষ্ট্ৰীয় জনতা দলৰ মনোনীত প্ৰাৰ্থী হীৰা দেৱী হৈ তিনিচুকীয়াত নিৰ্বাচনী প্ৰচাৰ চলাই ৰাষ্ট্ৰীয় জনতা দলৰ সভাপতি তেজস্বী যাদৱে ৷

তিনিচুকীয়াত ৰাষ্ট্ৰীয় জনতা দলৰ সভাপতি তেজস্বী যাদবৰ নিৰ্বাচনী সভা

সোমবাৰে তিনিচুকীয়া চহৰৰ হিজুগুৰি ১নং গেটৰ পৰা তিনিচুকীয়া চহৰৰ এ.টি ৰোড হৈ বিশাল ৰেলী কৰি চলিহা নগৰ খেলপথাৰত উপস্থিত হয় ৰাষ্ট্ৰীয় জনতা দলৰ সভাপতি তজস্বী যাদৱ । এই নিৰ্বাচনী সভাৰ পৰাই তিনিচুকীয়াৰ ৰাষ্ট্ৰীয় জনতা দলৰ মনোনীত প্ৰাৰ্থী হীৰা দেৱীক ভোট দি জয়যুক্ত কৰিবলৈ ৰাইজক আহ্বান জনায় সভাপতি তেজস্বী যাদৱে ।

উল্লেখ্য যে, এই ৰেলী আৰু নিৰ্বাচনী সভাত উপস্থিত থাকে তিনিচুকীয়া সমষ্টিৰ প্ৰাৰ্থী হীৰা দেৱীকে প্ৰমুখ্য কৰি ৰাষ্ট্ৰীয় জনতা দলৰ বহু দলীয় কৰ্মী আৰু তিনিচুকীয়া জিলাৰ জাতীয় কংগ্ৰেছ দলৰ তিনিচুকীয়া সমষ্টিৰ বহু নেতা-কৰ্মী ।

লগতে পঢ়ক:শিলচৰত প্ৰচাৰ চলাব উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে

Last Updated : Mar 23, 2021, 12:33 PM IST

ABOUT THE AUTHOR

...view details