তিনিচুকীয়া,14মে': তিনিচুকীয়াৰ ফিল'বাৰী অঞ্চলৰ অৰুণোদয় উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক, গাভৰুভেটি গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি তথা সমাজ সংগঠক প্ৰণৱ কুমাৰ ফুকনৰ মঙলবাৰে পুৱতি নিশা ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ মৃত্যু হয় । উল্লেখ্য যে, বিগত ১০ মে তাৰিখে ফিল'বাৰী অৰুণোদয় উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত এক বৰ্ণাঢ্য অনুষ্ঠানত বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক ফুকনৰ লগতে এই বিদ্যালয়ৰ আৰম্ভণি কালৰে পৰা জড়িত আন 56 গৰাকী লোকক ৰাজহুৱা সম্বৰ্ধনা জ্ঞাপন কৰা হৈছিল ।
তিনিচুকীয়াৰ সমাজকর্মী, শিক্ষাবিদ প্ৰণৱ কুমাৰ ফুকনৰ মৃত্যু, ফিল'বাৰীত শোকৰ বন্যা
বহু কেইটা ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক বঁটাৰে সন্মানিত তিনিচুকীয়াৰ ফিল'বাৰী অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক প্ৰণৱ কুমাৰ ফুকনৰ মৃত্যু ৷ অঞ্চলটোৰ অসংখ্য গুণমুগ্ধ ৰাইজৰ লগতে বিভিন্ন দল আৰু সামাজিক সংগঠনে শিক্ষক তথা সমাজ সংগঠকজনক শেষ শ্ৰদ্ধা জ্ঞাপন কৰে ।
অসুখীয়া দেহাৰেই এই অনুষ্ঠানত অংশগ্ৰহণ কৰি আৱেগিক হৈ পৰা প্ৰণৱ কুমাৰ ফুকনৰ স্বাস্থ্যৰ অৱনতি ঘটাত শনিবাৰে ডুমডুমাৰ এখন ব্যক্তিগত চিকিৎসালয়ত পৰিয়ালৰ লোকে ভৰ্তি কৰে যদিও পাচত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয় । বহু কেইটা ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক বঁটাৰে সন্মানিত প্ৰণৱ কুমাৰ ফুকনৰ মৃত্যুৰ বাৰ্তা বিয়পি পৰাৰ লগে লগেই মঙলবাৰে ফিল'বাৰী অঞ্চলত শোকাকুল পৰিবেশৰ সৃষ্টি হয় । অঞ্চলটোৰ অসংখ্য গুণমুগ্ধ ৰাইজৰ লগতে বিভিন্ন দল আৰু সামাজিক সংগঠনে শিক্ষক সমাজ সংগঠকজনক শেষ শ্ৰদ্ধা জ্ঞাপন কৰে ।