অসম

assam

ETV Bharat / state

Protest in Tinsukia: শোষণ নীতি বন্ধৰ দাবীৰে ডিগবৈৰ পাৱৈ চাহ বাগিচাত উত্তপ্ত পৰিস্থিতি

প্ৰাপ্য মজুৰিৰ পৰা বঞ্চিতৰ অভিযোগত চাহ শ্ৰমিকৰ প্ৰতিবাদ ৷ উত্তপ্ত ডিগবৈৰ পাৱৈ চাহ বাগিচাত ৷ শ্ৰমিকক শোষণ নীতি বন্ধ কৰক, উপযুক্ত চিকিৎসা সেৱা প্ৰদান কৰক আদি ধ্বনিৰে উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে ৷

Protest in Tinsukia
শোষণ নীতি বন্ধৰ দাবীৰে ডিগবৈৰ পাৱৈ চাহ বাগিচাত উত্তপ্ত পৰিস্থিতি

By

Published : Aug 19, 2023, 8:00 PM IST

শোষণ নীতি বন্ধৰ দাবীৰে ডিগবৈৰ পাৱৈ চাহ বাগিচাত উত্তপ্ত পৰিস্থিতি

তিনিচুকীয়া,19 আগষ্ট: প্ৰাপ্য মজুৰিৰ পৰা বঞ্চিতৰ অভিযোগত চাহ শ্ৰমিকৰ প্ৰতিবাদত উত্তাল হৈ পৰিল ডিগবৈৰ পাৱৈ চাহ বাগিচা । চাহ শ্ৰমিকক চূড়ান্ত শোষণ, বঞ্চনা কৰি অহা ডিগবৈ পাৱৈ চাহ বাগিছাৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে বাগিচাখনৰ শ শ শ্ৰমিকে ।

ভাৰতীয় চাহ মজদুৰ সংঘৰ নেতৃত্বত বাগিচাখনৰ শ শ শ্ৰমিকে কল ঘৰৰ মূল প্ৰৱেশদ্বাৰৰ সন্মুখত শনিবাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । বাগিচাখনত কৰ্মৰত প্ৰায় দুই শতাধিক শ্ৰমিকে হাতে হাতে প্লে কাৰ্ড লৈ চাহ শ্ৰমিকক শোষণ নীতি বন্ধ কৰক, শ্ৰমিকক প্ৰাপ্য মজুৰি প্ৰদান কৰক, উপযুক্ত চিকিৎসা সেৱা প্ৰদান কৰক আদি ধ্বনিৰে উত্তাল কৰি তোলে ৷ উল্লেখ্য যে বাগিচাৰ কৰ্তৃপক্ষই শ্ৰমিকৰ অজ্ঞাতে মজুৰিৰ পৰা এটা অংশ বৰঙনিৰ নামত কৰ্তন কৰি থয় । তদুপৰি দেওবাৰে বন্ধ দিনত কাম কৰা শ্ৰমিকক অন্য সাধাৰণ দিনৰ মজুৰিৰ দুগুণ দিব লাগে ।

কিন্তু ২০১৫ চনৰ শ্ৰমিক আইন উলংঘা কৰি বাগিচাৰ কৰ্তৃপক্ষই কেৱল দেওবাৰ দিনটোত কাম কৰিলে ৪৬৪ টকাৰ পৰিৱৰ্তে ৩৫০ হে প্ৰদান কৰে । বাগিচাৰ চিকিৎসালয়খনতো চিকিৎসাৰ পৰ্যাপ্ত সা-সুবিধা নথকাত শ্ৰমিকসকলে উপযুক্ত চিকিৎসা সেৱাৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ তুলিছে ।

ইফালে শ্ৰমিকৰ আবাস গৃহসমূহ বছৰ বছৰ ধৰি মেৰামতি নকৰাত প্ৰায় জৰাজীৰ্ণ হৈ পৰিছে ৷ শীঘ্ৰে জৰাজীৰ্ণ গৃহসমূহ পুনৰ নিৰ্মাণ কৰা, নলা-নৰ্দমা পৰিষ্কাৰ কৰা আদি দাবী উত্থাপন কৰে শ্ৰমিকসকলে । আনহাতে কেইবাদফীয়া দাবী সম্বলিত এখন স্মাৰক পত্ৰ ভাৰতীয় চাহ মজদুৰ সংঘই বাগিচাৰ কৰ্তৃপক্ষ আৰু জিলা সহকাৰী শ্ৰম আয়ুক্তক যোৱা ২১ জুলাইত প্ৰদান কৰিছিল। কিন্তু বাগিচা কৰ্তৃপক্ষই উক্ত স্মাৰক পত্ৰখনক আজিলৈকে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে ।

শ্ৰমিকৰ দুৰ্দশাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী, শ্ৰম মন্ত্ৰীয়ে গুৰুত্ব প্ৰদান নকৰিলে আৰু বাগিচা কৰ্তৃপক্ষই বিষয়টোৰ প্ৰতি গুৰুত্ব নিদিলে আৰু অধিক শক্তিশালী ৰূপত আন্দোলন কৰিব বুলি হুংকাৰ প্ৰদান কৰিছে প্ৰতিবাদকাৰীসকলে ৷

লগতে পঢ়ক:Ambassador stand in Tinsukia : ৰাজপথৰ ৰজাৰ পিঠিত তিনিচুকীয়াবাসীৰ চফৰ

ABOUT THE AUTHOR

...view details