অসম

assam

ETV Bharat / state

কয়লা মাফিয়া সত্যনাৰায়ণ আগৰৱালাৰ বাসগৃহত আয়কৰ বিভাগৰ তালাচী - তালাচী অভিযান

শুকুৰবাৰে পুৱাৰ ভাগত কয়লা মাফিয়া সত্যনাৰায়ণ আগৰৱালাৰ ডিগবৈস্থিত বাসগৃহত তালাচী অভিযান চলায় আয়কৰ বিভাগে ৷ খাৰচাঙত কয়লাৰ অবৈধ ব্যৱসায়েৰে কোটি কোটি টকা ঘটি সম্পত্তিৰ পাহাৰ গঢ়া সত্যনাৰায়ণ আগৰৱালাৰ বিৰুদ্ধে চলোৱা এই অভিযানে বিশেষ তাৎপৰ্য বহন কৰিছে ৷

raid at coal mafia satyanarayan agarwala house
কয়লা মাফিয়া সত্যনাৰায়ণ আগৰৱালাৰ বাসগৃহত তালাচী অভিযান

By

Published : Dec 4, 2020, 1:59 PM IST

তিনিচুকীয়া,4 ডিচেম্বৰ : কয়লা মাফিয়া সত্যনাৰায়ণ আগৰৱালাৰ অট্টালিকাত শুকুৰবাৰে পুৱাৰ ভাগত তালাচী অভিযান চলায় আয়কৰ বিভাগে ৷ তিনিচুকীয়া আৰক্ষীৰ এটা বৃহৎ দলৰ সহযোগত আয়কৰ বাহিনীয়ে আগৰৱালাৰ ডিগবৈস্থিত বাসগৃহত চলাইছে এই অভিযান ৷

কয়লা মাফিয়া সত্যনাৰায়ণ আগৰৱালাৰ বাসগৃহত তালাচী অভিযান

অভিযোগ অনুসৰি, অৰুণাচল প্ৰদেশৰ খাৰছাঙৰ কয়লাৰ ক’লা সাম্ৰাজ্যৰ মূল আছিল সত্যনাৰায়ণ আগৰৱালা ৷ খাৰচাঙত কয়লাৰ অবৈধ ব্যৱসায়েৰে কোটি কোটি টকা ঘটি সম্পত্তিৰ পাহাৰ গঢ়িছিল কয়লা মাফিয়া সত্যনাৰায়ণ আগৰৱালাই ৷ আনফালে মাৰ্ঘেৰিটা আৰু লিডুৰ বিভিন্ন কয়লা খনিৰ অবৈধ কয়লা ব্যৱসায়তো জড়িত আছিল সত্যনাৰায়ণ আগৰৱালা ।

কয়লা মাফিয়া সত্যনাৰায়ণ আগৰৱালাৰ বাসগৃহত তালাচী অভিযান

বিধায়ক, মন্ত্ৰী-আমোলাৰে ঘনিষ্ঠ প্ৰভাৱশালী কয়লা মাফিয়া সত্য নাৰায়ণ আগৰৱালাৰ বাসগৃহত এইদৰে আয়কৰ বিভাগে তালাচী অভিযান চলোৱা ঘটনাই বিশেষ তাৎপৰ্য বহন কৰা পৰিলক্ষিত হৈছে ৷ উল্লেখ্য যে, অবৈধ কয়লা ব্যৱসায়ৰ জৰিয়তে কোটি কোটি টকাৰ আহৰণ কৰি ডিগবৈত স্থাপন কৰা আগৰৱালা নাৰ্চিং হোমৰ নথি-পত্ৰক লৈয়ে তেওঁৰ ওপৰত সন্দেহৰ অৱকাশ আছে ৷

বিভিন্ন সময়ত চিকিৎসালয়খনৰ বিৰুদ্ধে বহু অভিযোগ উত্থাপন হৈ আহিছে ৷ শেহতীয়াকৈ চিকিৎসালয়খনত সন্তান প্ৰসৱৰ সময়ত এগৰাকী প্ৰসূতিৰ মৃত্যু হোৱা ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল ৷ তাৰোপৰি চিকিৎসালয়খনৰ সন্মুখত পথৰ সিপাৰে নতুনকৈ নিৰ্মাণ কৰা সু-উচ্চ অট্টালিকাৰ নথি-পত্ৰক লৈও প্ৰশ্নৰ অৱতাৰণা হৈ আহিছে ৷

ডিগবৈ নগৰ সমিতিয়ে কেইবাবাৰো অট্টালিকাৰ নিৰ্মাণ কাৰ্য বন্ধ কৰাৰ নিৰ্দেশ প্ৰদান কৰিছিল যদিও ৰাজনৈতিক ক্ষমতা আৰু ধন বলৰ জৰিয়তে নগৰ সমিতিৰ নিৰ্দেশক অংগুষ্ঠ প্ৰদৰ্শন কৰি অট্টালিকাৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰে সত্যনাৰায়ণ আগৰৱালাই ৷

লগতে পঢ়ক :প্ৰতিবাদস্থলীৰ পৰা গ্ৰেপ্তাৰ কৃষক নেতা দীপনজ্যোতি ফুকনক

ABOUT THE AUTHOR

...view details