তিনিচুকীয়া, ১৮ জানুৱাৰী: বৃহস্পতিবাৰৰ পৰা কাকপথাৰৰ চাও-ফা চুহুংমুং ক্ষেত্ৰত আৰম্ভ হৈছে দ্বিতীয় ত্তাঈ মহোৎসৱ ৷ পাঁচদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে উক্ত মহোৎসৱ ৷ মুখ্যদ্বাৰ উন্মোচনেৰে কাৰ্যসূচীৰ আৰম্ভ কৰা হয় বৃহস্পতিবাৰে ৷
উল্লেখ্য যে উত্তৰ-পূৰ্বাঞ্চলত বসবাস কৰা ত্তাঈ জনগোষ্ঠীয়ে আৰ্থ সামাজিক আৰু সাংস্কৃতিক ঐতিহ্যৰ হকে বহুতো অৱদান আগবঢ়াই আহিছে আৰু এটা স্বকীয় ‘উত্তৰ-পূৰ্বাঞ্চলীয় আৰ্হি’ নিৰ্মাণ কৰিছে ৷ সংযুক্ত ত্তাঈ জাতিৰ সামাজিক সাংস্কৃতিক সংঘ (United Tai Ethnic Socio-Cultural Organisation)ই ত্তাঈ জাতিৰ অখণ্ডতা উত্তৰ-পূবত বসবাস কৰি অহা সকলো জনগোষ্ঠীৰ মাজত সমন্বয় গঢ়াৰ সংকল্প গ্ৰহণ কৰিছে ৷
অখণ্ডতা আৰু সমন্বয়ৰ লক্ষ্য আগত ৰাখিয়েই য়ুটেস্ক’ৰ উদ্যোগত সকলো তাই জনগোষ্ঠীৰ পৃষ্ঠপোষকতাত তথা ৰাইজৰ সহযোগত আজিৰে পৰা ২২ জানুৱাৰীলৈকে তিনিচুকীয়া জিলাৰ কাকপথাৰৰ মাইঠং গাঁৱৰ ‘চাও-ফা চুহুংমুং ক্ষেত্ৰ’ত বৰ্নাঢ্য কাৰ্যসূচীৰে ‘দ্বিতীয় ত্তাঈ জনগোষ্ঠীয় সাংস্কৃতিক মহোৎসৱ’ৰ আৰম্ভ হৈছে ৷